ETV Bharat / state

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈ - ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা

বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ লৈ অনা হয় কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈক ৷ নিয়া গোচৰৰ পৰা জামিন লাভ কৰাৰ পাছতে অখিলক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে। ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল শিৱসাগৰ সদৰ থানাত সেই গোচৰৰ ভিত্তিতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় সংগ্ৰামী নেতাগৰাকীক ৷

kmss-leader-akhil-gogoi-at-sivasagar
শিৱসাগৰত কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈ
author img

By

Published : Mar 19, 2020, 1:38 PM IST

Updated : Mar 19, 2020, 3:05 PM IST

শিৱসাগৰ,19 মাৰ্চঃ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ গোচৰৰ পৰা জামিন লাভ কৰিলেও পুনৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হ’ল কৃষক নেতা অখিল গগৈ ৷ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শিৱসাগৰত উপস্থিত হৈ অখিল গগৈয়ে এক বৃহৎ জন আন্দোলনৰ সূচনা কৰিছিল । সেই বিষয়ক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল শিৱসাগৰ সদৰ থানাত। থানাত ৰুজু হোৱা ১৩৪৪/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত মঙলবাৰে শিৱসাগৰৰ আদালতে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ আদেশ দিয়াৰ লগতে চাৰি দিনৰ ন্যায়িক জিম্মা মঞ্জুৰ কৰিছিল । সেইসূত্ৰে বৃহস্পতিবাৰে পুৱা অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীৰ কাৰাগাৰৰ পৰা আনি শিৱসাগৰত উপস্থিত হয় ।

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈ

উল্লেখযোগ্য যে নিয়া গোচৰৰ পৰা জামিন লাভ কৰাৰ পাছতে অখিলক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে । অখিল গগৈক সদৰ থানালৈ অনাৰ সময়ত থানাৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সদস্যই । অখিলক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি চৰকাৰৰ ওপৰত অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

শিৱসাগৰ আৰক্ষী অধীক্ষকৰ মন্তব্য

লগতে পঢ়কঃ অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ

Last Updated : Mar 19, 2020, 3:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.