আমগুৰি, 22 চেপ্টেম্বৰঃ শিৱসাগৰ জিলাৰ বৰপাত্ৰ কৃষিখণ্ডৰ অন্তৰ্গত আহিনী পথাৰ আৰু ডিমৌ পথাৰত গেৰ ধৰা ধানৰ বিপৰীতে এক ভয়াবহ দৃশ্য পৰিলক্ষিত হৈছে ৷ বিঘাই বিঘাই শালি ধানৰ খেতিত এতিয়া চৰহা পোকে আক্ৰমণ কৰিছে ৷
পথাৰ দুখনৰ প্ৰায় তিনিশ বিঘা কৃষি ভূমিৰ অধিকাংশই চৰহা পোকে আক্ৰমণ কৰাত কৃষক সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । জানিব পৰা মতে অঞ্চলটোৰ কৃষক সকলে এই সমস্যা সম্পৰ্কত জিলা কৃষিবিভাগৰ লগত যোগাযোগ কৰিছিল যদিও বিভাগটোৱে কোনো বিহিত ব্যৱস্থা নল'লে ৷ কৃষকৰ অভিযোগ যে স্থানীয় কৃষি সম্প্ৰসাৰন বিষয়াই কৃষকৰ সমস্যাৰ বুজ নলয় ৷ লক্ষণীয় ভাৱে বিভাগীয় বিষয়াই এই পোকৰ আক্ৰমনত ধানৰ উৎপাদন 70 শতাংশ পৰ্য্যন্ত হ্ৰাস পায় বুলি জনোৱাৰ পিচতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱাত মূৰে কপালে হাত দিছে ভূক্তভোগী কৃষক সকলে ৷