ETV Bharat / state

শিৱসাগৰত শিক্ষকৰ অভিনৱ প্ৰতিবাদ - শিক্ষামন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা

শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত  ১৫৩০ গৰাকী শিক্ষকে ২০১২ চনৰ মাৰ্চ মাহৰ পৰা লাভ কৰা নাই কোনো বেতন ৷ বেতন বঞ্চিত শিক্ষক সকলে প্ৰাপ্য বেতনৰ দাবীত বহু অনুনয়-বিনয় কৰাৰ পাছতো গা নল'ৰিল শিক্ষা বিভাগৰ ৷ যাৰ পৰিপ্ৰক্ষিতত আজি নাম প্ৰসংগ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নাম প্ৰসংগৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰে প্ৰতিবাদকাৰীসকলে ৷

Innovative protest of teachers in Sivsagar
শিৱসাগৰত শিক্ষকৰ অভিনৱ প্ৰতিবাদ
author img

By

Published : Aug 27, 2020, 7:00 PM IST

শিৱসাগৰ, 27আগষ্টঃ মানুহ কিমান আশাহত হ'লে ভগৱানৰ কাষ চাপে ? মানুহ কিমান বঞ্চিত হ'লে ভগৱানৰ সহায় বিচাৰে ? এনে অসহায় আৰু বঞ্চিত-লাঞ্চিত একাংশ মানুহৰ চৰম দুৰ্দশা আজি প্ৰতিফলিত হ'ল শিৱসাগৰত।

শিৱসাগৰত শিক্ষকৰ অভিনৱ প্ৰতিবাদ

বিগত ৮ বছৰে চৰকাৰী মেৰপাকত পৰি শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী শিক্ষক দৰমহাৰ পৰা বঞ্চিত শিক্ষক সকলে আজি ব্যতিক্ৰম ৰূপত সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰৰ সুমতি কামনা কৰি শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভাগৱত পাঠ কাৰ্যসূচীৰ মাজেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বেতন বঞ্চিত শিক্ষক সমাজে।

Innovative protest of teachers in Sivsagar
শিৱসাগৰত শিক্ষকৰ অভিনৱ প্ৰতিবাদ

জানিব পৰা মতে, শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ১৫৩০ গৰাকী শিক্ষকে ২০১২ চনৰ মাৰ্চ মাহৰ পৰা লাভ কৰা নাই কোনো বেতন ৷ বেতন বঞ্চিত শিক্ষক সকলে প্ৰাপ্য বেতনৰ দাবীত বহু অনুনয়-বিনয় কৰাৰ পাছতো গা নল'ৰিল শিক্ষা বিভাগৰ ৷ যাৰ পৰিপ্ৰক্ষিতত আজি নাম প্ৰসংগ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ ৷নাম প্ৰসংগৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,শিক্ষামন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখযোগ্য যে, বিগত আঠ বছৰে দৰমহা বঞ্চিত এই সকল শিক্ষকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।বিনা চিকিৎসাত বহুজন বেতন বঞ্চিত শিক্ষকে আত্মহত্যা কৰিছে। আৰ্থিক অনাটনৰ বাবে পথৰ দাঁতিত পোহাৰ মেলিছে বহুজনে ৷

ইপিনে প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদক অবৈধ ঘোষণা কৰি প্ৰতিবাদকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে ৷

প্ৰশ্ন হয়, চৰকাৰে শুনা পাবনে প্ৰজাৰ দুখ-দুদৰ্শা ? কিমান দিন নিজৰ প্ৰাপ্য লাভ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব বেতন বঞ্চিত শিক্ষক সমাজক সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃপিতৃ হ'বলৈ ওলাইছে বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.