ETV Bharat / state

ঐতিহাসিক তলাতল ঘৰত বগা ৰং: কেন্দ্ৰীয় পুৰাতত্ব বিভাগক সমালোচনা

author img

By

Published : Aug 16, 2019, 7:48 PM IST

তলাতল ঘৰ আহোম স্থাপত্য শৈলীৰ এক উৎকৃষ্ট উদাহৰণ। কিন্তু এই সম্পদ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দায়িত্বত থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ কেতবোৰ কামে এই ঐতিহাসিক ভৱনৰ ঐতিহ্য নাশ কৰাৰ লগতে বৈশিষ্ট্যতো কুঠাৰঘাত হনাৰ অভিযোগ ।

ঐতিহাসিক তলাতল ঘৰত বগা ৰং

শিৱসাগৰ, 16 আগষ্ট : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত তলাতল ঘৰ । তাহানিৰ ৰংপুৰ নগৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা কাঠৰ তলাতল ঘৰৰ ঠাইত ১৮ শতিকাত ৰাজেশ্বৰ সিংহই পকী তলাতল ঘৰ নিৰ্মাণ কৰিছিল। আহোম স্থাপত্যৰ অন্যতম নিৰ্দশন এই প্ৰাচীন কীৰ্তিচিহ্ন । কিন্তু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ কেতবোৰ কৰ্মকাণ্ডই আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্নৰ বৈশিষ্ট্য হানি কৰাৰ অভিযোগ। এইবাৰ বিভাগে বগা ৰঙৰ প্ৰলেপ সানিছে তলাতল ঘৰত।

ঐতিহাসিক তলাতল ঘৰত বগা ৰং

১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংপুৰ নগৰত নিৰ্মাণ কৰাইছিল বড়া চাউল,মাটি দাইল,হাঁহ,কণী,বৰালি মাছ,চূণ আদিৰ সংমিশ্ৰণেৰে পোৰা ইটাৰ সাত মহলীয়া পকী কাৰেং ঘৰ। মাটিৰ তলত দুই মহলা থকা এই পকী কাৰেংঘৰ বহু সুৰংগ আৰু বেহুযুক্ত হোৱাৰ বাবে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়। মূলতঃ তেতিয়াৰ আহোমৰ সামৰিক বাহিনীৰ মূল ঘাটি তলাতল ঘৰৰ নিৰ্মাণ শৈলী সুকীয়া হোৱাৰ লগতে সামৰিক দৃষ্টিকোণেৰে সমৃদ্ধ।

প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে ওপৰৰ মহল কেইটা ভাঙি যোৱা তলাতল ঘৰ এতিয়াও আহোম স্থাপত্য শৈলীৰ এক উৎকৃষ্ট উদাহৰণ। কিন্তু এই সম্পদ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দায়িত্বত থকা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ কেতবোৰ কামে এই ঐতিহাসিক ভৱনৰ ঐতিহ্য নাশ কৰাৰ লগতে বৈশিষ্ট্যতো কুঠাৰঘাত হানিছে।

এইবাৰ কেন্দ্ৰীয় বিভাগটোৱে তলাতল ঘৰৰ চাদত প্ৰলেপ দিছে বগা ৰঙৰ । সাধাৰণতে এনে বগা প্ৰলেপৰ পৰম্পৰা নেদেখা ৰাইজে পুৰাতত্ব বিভাগৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ আগতেও কেন্দ্ৰীয় বিভাগটোৱে ইচ্ছা অনুসৰি এই ঐতিহাসিক ভৱনটোৰ বিভিন্ন অংশ ভাঙি অথবা নিৰ্মাণ কৰি তলাতল ঘৰৰ ঐতিহ্য আৰু বৈশিষ্ট্যত হানি কৰাৰ অভিযোগ নথকা নহয় ৷ এইবাৰ আকৌ বগা ৰঙৰ প্ৰলেপ সানি ভৱনটোৰ পৰিচয় নাশ কৰাৰ চেষ্টা কৰাৰ অভিযোগ ।

আনহাতে বিভাগৰ এনে কাৰ্য সম্পৰ্কে জানিব বিচৰাত কোনো মতামত প্ৰদানৰ পৰা বিৰত থাকে যদিও এনে বগা প্ৰলেপ কোনো কৃত্ৰিম ৰং নহয় বৰঞ্চ চূণৰ প্ৰলেপ বুলিহে জানিবলৈ দিছে । কিন্তু কিয় চূণৰ প্ৰলেপ সানিব লগা হ'ল তাৰ কোনো ব্যাখ্যা নাই বিভাগৰ ওচৰত। কেন্দ্ৰীয় বিভাগটোৰ এনে কাৰ্য বন্ধ কৰি প্ৰাচীন কীৰ্তিচিহ্নৰ চৰিত্ৰ অক্ষুন্ন ৰাখি সংৰক্ষণৰ দাবী জনাইছে সচেতন মহলে ।

Intro:*ঐতিহাসিক তলাতল ঘৰত বগা ৰং--তীব্ৰ সমালোচনা কেন্দ্ৰীয় পূৰাতত্ব বিভাগক--প্ৰাচীন কীৰ্তিচিহ্নৰ বৈশিষ্ট্যত আঘাত*
Story-TALATAL_GHAR
Ananta Smith
Sivasagar
16th August

A_SVR_16TH_AUG_801-803_TALATAL_GHAR_7203499

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত তলাতল ঘৰ।তাহানিৰ ৰংপুৰ নগৰত স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰা কাঠৰ তলাতল ঘৰৰ ঠাইত ১৮ শতিকাত ৰাজেশ্বৰ সিংহই পকী তলাতল ঘৰ নিৰ্মাণ কৰিছিল।আহোম স্থাপত্যৰ অন্যতম নিৰ্দশন এই প্ৰাচীন কীৰ্তিচিহ্ন।কিন্তু কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ কেতবোৰ কৰ্মকাণ্ডই আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্নৰ বৈশিষ্ট্য হানি কৰিছে।এইবাৰ বিভাগে বগা ৰংৰ প্ৰলেপ সানিছে তলাতল ঘৰত।

Body:১৭৫১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংপুৰ নগৰত নিৰ্মাণ কৰাইছিল বড়া চাউল,মাটি দাইল,হাঁহ কণী,বৰালি মাছ,চূণ আদি সংমিশ্ৰণেৰে পূৰা ইটাৰ সাত মহলীয়া পকী কাৰেং ঘৰ।মাটিৰ তলত দুই মহলা থকা এই পকী কাৰেং বহু সুৰংগ আৰু বেহুযুক্ত হোৱাৰ বাবে ইয়াক তলাতল ঘৰ বুলা হয়।মূলতঃ তেতিয়াৰ আহোম সামৰিক বাহিনীৰ মূল ঘাটি তলাতল ঘৰৰ নিৰ্মাণ শৈলী সুকীয়া হোৱাৰ লগতে সামৰিক দৃষ্টিকোণেৰে সমৃদ্ধ।

প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে ওপৰৰ মহল কেইটা ভাঙি যোৱা তলাতল ঘৰ এতিয়াও আহোম স্থাপত্য শৈলীৰ এক উৎকৃষ্ট উদাহৰণ।কিন্তু এই সম্পদ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ দায়িত্বত থকা কেন্দ্ৰীয় পূৰাত্ব বিভাগৰ কেতবোৰ কামে এই ঐতিহাসিক ভৱনৰ ঐতিহ্য নাশ কৰাৰ লগতে বৈশিষ্ট্যত কুঠাৰঘাত কৰিছে।

এইবাৰ কেন্দ্ৰীয় বিভাগটোৱে তলাতল ঘৰৰ চাদত প্ৰলেপ দিছে বগা ৰঙৰ।সাধাৰণতে এনে বগা প্ৰলেপৰ পৰম্পৰা নেদেখা ৰাইজে পূৰাতত্ব বিভাগৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ইয়াৰ আগতেও কেন্দ্ৰীয় বিভাগটোৱে ইচ্ছা অনুসৰি এই ঐতিহাসিক ভৱনটোৰ বিভিন্ন অংশ ভাঙি অথবা নিৰ্মাণ কৰি তলাতল ঘৰৰ ঐতিহ্য আৰু বৈশিষ্ট্য হানি কৰি থৈছে।এইবাৰ আকৌ বগা ৰঙৰ প্ৰলেপ সানি ভৱনটোৰ পৰিচয় নাশ কৰাৰ চেষ্টা কৰিছে।

Bite- দুৰ্লভ বৰা

Conclusion:আনহাতে বিভাগৰ এনে কাৰ্য সম্পৰ্কে জানিব বিচৰাত কোনো মতামত প্ৰদানৰ পৰা বিৰত থাকে যদিও এনে বগা প্ৰলেপ কোনো কৃত্ৰিম ৰং নহয় বৰঞ্চ চূণৰ প্ৰলেপ বুলিহে জানিব দিছে।কিন্তু কিয় এনে চূণৰ প্ৰলেপ সানিব লগা হ'ল তাৰ কোনো ব্যাখ্যা নাই বিভাগৰ ওচৰত।কেন্দ্ৰীয় বিভাগটোৰ এনে কাৰ্য বন্ধ কৰি প্ৰাচীন কীৰ্তিচিহ্নৰ চৰিত্ৰ অক্ষুন্ন ৰাখি সংৰক্ষণৰ দাবী জনাইছে সচেতন মহলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.