ETV Bharat / state

নিঃশেষৰ দিশে পৃথিৱী বিৰল আমগুৰিৰ জীৱন্ত মৈদাম - নিঃশেষৰ দিশে পৃথিৱীৰ বিৰল আমগুৰিৰ জীৱন্ত মৈদাম

বুৰঞ্জী প্ৰসিদ্ধ বিৰল আয়তাকাৰ মৈদামলৈ আহিছে সংকট ৷ নিঃশেষ হোৱাৰ দিশে পৃথিৱীৰ ঐতিহাসিক জীৱন্ত মৈদাম দেওৰজা মৈদাম ৷ শংকিত ৰাজ্যবাসী ৷

Historic Deoroja Moidam
নিঃশেষৰ দিশে পৃথিৱীৰ বিৰল আমগুৰিৰ জীৱন্ত মৈদাম
author img

By

Published : Aug 3, 2021, 5:29 PM IST

আমগুৰি,৩ আগষ্ট: আমগুৰিস্থিত ঐতিহাসিক দেওৰজা মৈদামলৈ আহিছে সংকট ৷ যিকোনো মূহুৰ্ততে নিশ্চিহ্ন হৈ যাব পাৰে মৈদামৰ এটা অংশ ৷ এই ক্ষেত্ৰত গুৰুত্ব নাই কেন্দ্ৰ অথবা ৰাজ্যৰ প্ৰত্নতত্ব বিভাগৰ ৷ এই অভিযোগ উত্থাপন কৰিছে আমগুৰিৰ সচেতন মহলে ৷

ইতিহাসৰ পাতত লিপিবদ্ধ জীৱন্ত মৈদাম হিচাপে পৰিচিত পৃথিৱীৰ বিৰল ঐতিহাসিক দেওৰজা মৈদামৰ এটা অংশ ফাঁট মেলি খহি পৰাৰ উপক্ৰম হৈছে । বৰ্তমানলৈকে ঐতিহাসিক মৈডামটোৰ সংৰক্ষণ অথবা পৰিদৰ্শনত তিলমানো গুৰুত্ব প্ৰদান কৰা নাই প্ৰত্নতত্ব বিভাগে । এই লৈ স্থানীয় লোকসকল বিশেষকৈ যুৱপ্ৰজন্ম হৈ উঠিছে অধিক চিন্তিত ।

নিঃশেষৰ দিশে পৃথিৱী বিৰল আমগুৰিৰ জীৱন্ত মৈদাম

স্বৰ্গদেও চুহুংমুং বা চাৰিঙীয়া ৰজাৰ চাৰিজন পুত্ৰৰ ভিতৰত এজন আছিল চুৰেংগ বা দেওৰজা ।

লগতে পঢ়ক: ধ্বংসৰ গৰাহত স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু সমল

এইগৰাকী চুৰেংগ বা দেওৰজাই ১৫৬৩ খৃষ্টাব্দত কোঁচ সেনাপতি চিলাৰায়ৰ লগত বীৰত্বৰে যুদ্ধ কৰি কোঁচ সেনাপতিক প্ৰতিহত কৰিছিল । যুদ্ধৰ মাজতে চুৰেংগ ৰজাই নিজৰ মন্ত্ৰপুট কৱচ সোলোকাই গা ধুওঁতে চিলনীয়ে সেই মন্ত্ৰপুট কৱচ থাপ মাৰি লৈ যায় । ফলত চুৰেংগ বা দেওৰজাই মনত বহুত বেজাৰ পায় । এনে বেজাৰতে এইজন চুৰেংগ বা দেওৰজাই যুদ্ধত পৰাজিত হোৱাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বুলি ভাৱি জীৱন্তে মৈডাম খান্দি সমাধিস্থ হৈছিল ।

মৈদামৰ দুয়োকাষে আছে দুটাকৈ পুখুৰী । ৰজা-ৰাণী পুখুৰী হিচাপে পৰিচিত এই পুখুৰী দুটাৰ সংৰক্ষণৰ প্ৰয়োজন যদিও কেন্দ্ৰ অথবা ৰাজ্যৰ প্ৰত্নতত্ব বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । সম্প্ৰতি এই চুৰেংগ বা দেওৰজাৰ মৈদামত প্ৰত্নতত্ব বিভাগে এখন ফলক আৰিয়েই সামৰিছে দায়িত্ব । যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল, বিশেষকৈ যুৱ প্ৰজন্ম ৷

লগতে পঢ়ক: নিঃশেষ হোৱাৰ দিশে ঐতিহাসিক নৰাকোঁৱৰৰ মৈদাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.