ETV Bharat / state

ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা উৎপলক আপোনাৰ সহায়ৰ প্ৰয়োজন - উৎপল দত্ত

আমগুৰিত 24 বছৰীয়া যুৱক উৎপল দত্তক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন ৷ প্ৰায় 8 মাহৰ পূৰ্বে ক্ৰিকেটৰ অনুশীলন কৰিবলৈ গৈ সোঁ-ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল উৎপল ৷ আৰ্থিক দৈন্যতাত ভোগা পৰিয়ালটোলৈ নামি আহিছে অমানিশা ৷

Helpless family in Amguri
ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা উৎপলক আপোনাৰ সহায়ৰ প্ৰয়োজন
author img

By

Published : Oct 21, 2020, 8:27 AM IST

আমগুৰি,21 অক্টোবৰ : শিৱসাগৰৰ আমগুৰিত ক্ৰিকেটৰ অনুশীলন কৰিবলৈ গৈ সোঁ-ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন 24 বছৰীয়া যুৱক ৷ আমগুৰি সমষ্টিৰ নামতি মাইগুৰিৰ নিবাসী গাড়ী চালক গাঠি দত্তৰ পুত্ৰ উৎপল দত্তই মনতে ক্ৰিকেট খেলুৱৈ হোৱাৰ সপোন পুহি ৰাখিছিল ৷ কিন্তু অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে যুৱকজন ৷

Helpless family in Amguri
ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা উৎপলক আপোনাৰ সহায়ৰ প্ৰয়োজন

প্ৰায় 8 মাহৰ পূৰ্বে আঘাতপ্ৰাপ্ত হোৱাৰ পাচত উৎপলক পিতৃ-মাতৃয়ে শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰোৱাইছে যদিও সুস্থ হৈ উঠা নাই যুৱকজন ৷ চিকিৎসকে যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ লৈ যাব লাগিব বুলি জনোৱাৰ পাচত অমানিশা নামি আহিছে উৎপলৰ পৰিয়ালটোলৈ ৷

পিতৃ-মাতৃয়ে ইতিমধ্যে পুত্ৰৰ চিকিৎসাৰ কাৰণে উপাৰ্জনৰ খেতি মাটি,পুত্ৰৰ মটৰ চাইকেলৰ লগতে ঘৰৰ বয়-বস্তু বিক্ৰী কৰি সৰ্বশ্বান্ত হৈছে ৷ এতিয়া চিকিৎসা দূৰৈৰ কথা,দুবেলা দুমুঠিৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে ৷ পুত্ৰৰ এনে অৱস্থাত সৰগ ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটোলৈ ৷

সেয়েহে উপায়হীন হৈ দৰিদ্ৰ পৰিয়ালটোৱে অসম চৰকাৰ তথা ৰাইজলৈ হাতযোৰ কৰি সহায়ৰ ভিক্ষা মাগিছে ৷ উৎপল দত্তক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ কেইবা লাখ টকাৰ প্ৰয়োজন ৷ দৈন্যতাত ভোগা পৰিয়ালটোক লাগে এতিয়া চৰকাৰ তথা ৰাইজৰ সঁহাৰি ৷ কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে উৎপল দত্তৰ মাতৃৰ বেংক একাউণ্ট শাখা Namti (0730),নাম-SWAPNA DUTTA,একাউণ্ট নম্বৰ-0730010101309,IFSC-UTBIONAMG23 অথবা ফোন নং- 7577986292 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মাদ্ৰাছা বন্ধৰ প্ৰসংগ : দিলীপ শইকীয়াৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.