ETV Bharat / state

অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

তিনিজনকৈ অ'এনজিচিৰ কৰ্মচাৰীক অপহৰণ কৰা ঘটনাৰ তদন্তৰ সকলো দায়িত্ব লৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে । শিৱসাগৰত উপস্থিত হৈ বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লৈ এই ঘটনা আলফা (স্বা)ৰ দ্বাৰা সংঘটিত বুলি সদৰী কৰে জিপি সিঙে । ইতিমধ্যে অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

অ'এনজিচিৰ কৰ্মচাৰীক অপহৰণৰ তদন্তৰ সকলো দায়িত্ব ল'লে জি পি সিঙে

author img

By

Published : Apr 22, 2021, 2:09 PM IST

শিৱসাগৰ,22 এপ্ৰিল : শিৱসাগৰৰ লাকুৱাত মঙলবাৰে মাজ নিশা সংঘটিত হোৱা অপহৰণ কাণ্ডক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী । শিৱসাগৰ আৰক্ষীৰ সকলো বেহু ভেদ কৰি তিনিজনকৈ অ'এনজিচিৰ কৰ্মচাৰীক অপহৰণ কৰা ঘটনাৰ তদন্তৰ সকলো দায়িত্ব লৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে । সেই সূত্ৰে বিষয়া গৰাকী বুধবাৰে নিশা শিৱসাগৰত উপস্থিত হৈ বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লয় ৷

বৰ্তমানলৈকে কোনো বিদ্ৰোহী স‌ংগঠন অথবা আন কোনোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীৰ তদন্তত এই ঘটনা আলফা (স্বা)ৰ দ্বাৰা সংঘটিত বুলি সদৰী কৰে জি পি সিঙে । ইতিমধ্যে অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

আনহাতে, শিমলুগুৰি থানাত অ'এনজিচিৰ তৰফৰ পৰা এক এজাহাৰ দাখিল কৰাত শিৱসাগৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ বাবে লাকুৱাৰ ৰীগটোৰ সুৰক্ষাৰ দায়িত্বত থকা তিনি গৃহৰক্ষী জোৱানৰ লগতে অপহৃতক লৈ যোৱা এম্বুলেঞ্চ খনৰ চালকক জিম্মাত লোৱাৰ বিপৰীতে বহু কেইজন লোকক ঘটনাৰ সৈতে যোগসূত্ৰ থকাৰ সন্দেহত সোধপোচৰ বাবে আটক কৰিছে ।

শিৱসাগৰ সদৰ থানাত ৰুজু কৰা 491/2021 নম্বৰৰ গোচৰত প্ৰশান্ত দত্ত, ৰাজেন চুতীয়া, বংশী বৰগোঁহাই, পুলিন বৰগোঁহাই, জিতেন গগৈ, শ্ৰীমন্ত লিকছন, বিমল লিকছন, মিণ্টু ফুকন আৰু কিৰণ ফুকনক ভাৰতীয় দণ্ডাবিধি আইনৰ ধাৰা 120B/121/121A/387/511/34ৰ অধীনত আটক কৰা হৈছে । সম্প্ৰতি অপহৰণ ঘটনাৰ সৈতে সন্দেহযুক্ত আলফা(স্বা)ৰ সদস্যৰ সৈতে ফোনৰ যোগাযোগ, তথ্য প্ৰদানৰ ওপৰিও আন আন কাৰ্যত সহায়ক হোৱাৰ সন্দেহত লোকসকলক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

আনহাতে, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, অসমত আলফা (স্বা)কে ধৰি একাংশ সংগঠনে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে যি পৰিৱেশ অসম আৰক্ষীয়ে কেতিয়াও হ'বলৈ নিদিয়ে।

লগতে পঢ়ক: মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.