ETV Bharat / state

আমগুৰিত ডিজিটেল স্কুললৈ ৰূপান্তৰিত চৰকাৰী প্ৰাথমিক বিদ্যালয় - ডিজিটেল স্কুল

ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহৰ ভিতৰৰে এখন বিদ্যালয়ে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, চৰ্চাত থকা বিদ্যালয়খন হৈছে আমগুৰিস্থিত ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয়, ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন বৰ্তমান ডিজিটেল স্কুল নামেৰে খ্যাত হৈছে ৷

আমগুৰিত প্ৰত্যাহ্বান নেওচি ডিজিটেল স্কুললৈ ৰূপান্তৰিত চৰকাৰী প্ৰাথমিক বিদ্যালয়

author img

By

Published : Nov 29, 2019, 1:44 PM IST

আমগুৰি, 29 নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে চৰকাৰী বিদ্যালয় কেন্দ্ৰিক বহুতো বাদ-বিবাদ, অভিযোগ-প্ৰতি অভিযোগ ৷ মধ্যাহ্ন ভোজন বিতৰ্কৰে সম্প্ৰতি তুংগত থকা ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহৰ ভিতৰৰে এখন বিদ্যালয়ে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ চৰ্চাত থকা বিদ্যালয়খন হৈছে আমগুৰিস্থিত ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয়

উক্ত বিদ্যালয়খনে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চমকেৰে কেৱল ছাত্ৰ-ছাত্ৰীৰে নহয় সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন বৰ্তমান ডিজিটেল স্কুল নামেৰে বিখ্যাত হৈ পৰিছে ৷ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰতি একাংশ অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে অনীহা প্ৰকাশ কৰাৰ সময়তে ছগৰাকী শিক্ষয়িত্ৰীয়ে গাঁঠিৰ ধন ভাঙি লোৱা এই প্ৰচেষ্টা যথেষ্ঠ প্ৰশংসনীয় হিচাপে পৰিচিত হৈছে ৷ সম্প্ৰতি, বিদ্যালয় কৰ্তৃপক্ষই ডিজিটেল ক্লাছৰূমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সকলো বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইপিনে, বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত ডিজিটেল ক্লাছৰূমৰ ব্যৱস্থা কৰিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাইছে ।

আমগুৰিত প্ৰত্যাহ্বান নেওচি ডিজিটেল স্কুললৈ ৰূপান্তৰিত চৰকাৰী প্ৰাথমিক বিদ্যালয়

তদুপৰি উক্ত বিদ্যালয়খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্লাষ্টিকমুক্ত ভাৰতৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই প্লাষ্টিকমুক্ত আৰু ধপাতমুক্ত বিদ্যালয় হিচাপে গঢ় দিয়া হৈছে ৷ আনহাতে ইয়াত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাতঃসভাত প্ৰদৰ্শিত কাৰুকাৰ্য আকৰ্ষণীয় । শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । তেওঁলোকৰ উদ্দেশ্য হৈছে উক্ত বিদ্যালয়খনক অসমৰ ভিতৰতে জাকত-জিলিকা বিদ্যালয় হিচাপে গঢ়ি তোলা ৷

লগতে চাওক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা বাতিল

Intro:Body:Amguri Digital School
আমগুৰি ২৮ নৱেম্বৰ:
আমগুৰিৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চমক। ডিজিটেল ক্লাছৰূমৰ যোগেদি ডিজিটেল স্কুল নামেৰে খ্যাত হৈছে এইখন প্ৰাথমিক বিদ্যালয়।

ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰতি একাংশ অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে অনীহা প্ৰকাশ কৰা সময়তে আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয়ে অাকৰ্ষিত কৰিছে সকলোকে। ছগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি বিদ্যালয়খনত ডিজিটেল ক্লাছৰূমৰ জৰিয়তে দৃশ্য-শ্ৰব্যৰ মাধ্যমেৰে সকলো বিষয়ৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে।

১৯৮৮ চনতে প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে ৰাইজৰ মাজত। অানহাতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীয়ে অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ডিজিটেল ক্লাছৰূমৰ ব্যৱস্থা কৰিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনায়।

প্লাষ্টিকমুক্ত আৰু ধপাতমুক্ত বিদ্যালয় হিচাপে গঢ় দিয়া বিদ্যালয়খনিত প্ৰাত:সভাত ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় কাৰুকাৰ্য প্ৰদৰ্শন কৰে। নৃত্য-গীত, কবিতা আবৃতি সকলো দিশতে আগবাঢ়ি যাব পৰাকৈ বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে চেষ্টা অব্যাহত ৰাখিছে।

Bite-4 (Teachers and Guardain)
Visual-1

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.