শিৱসাগৰ,15 অক্টোবৰ: আজি বিশ্ব হাতধোৱা দিৱস। কৰ’ণা মহামাৰীয়ে শিকাই গ’ল, আমাৰ হাত দুখন পৰিষ্কাৰকৈ ৰখাটো কিমান প্ৰয়োজনীয় । আমাৰ বায়ুমণ্ডলত অসংখ্য ৰোগৰ বীজাণু ওপঙি থাকে । বীজাণু সাধাৰণতে উশাহ-নিশাহৰ লগত আমাৰ দেহত প্ৰৱেশ কৰে । অপৰিস্কাৰ বা অমনোযোগিতাৰ বাবেও আমাৰ হাত দুখনৰ যোগেদি নানান বেমাৰৰ বীজাণু পেটলৈ বা দেহৰ আন অংগলৈ যাব পাৰে । যাৰ ফলত শৰীৰ দুৰ্বল হৈ পৰাৰ লগতে বিভিন্ন ৰোগৰ কবলত পৰিবলগা হয় বহুজন ।
বিশেষকৈ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে আৰু নিত্য-নৈমিত্তিক কর্ম কৰাৰ অন্তত দুয়োখন হাত চাবোনেৰে পৰিস্কাৰ কৰাটো যথেষ্ট প্ৰয়োজনীয় । এই সমগ্ৰ বিষয়টোৰ ওপৰত আন্তৰ্জাতিক ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা হৈছিল । ইয়াৰ ফলস্বৰূপে ইউনিচেফৰ দ্বাৰা 2008 চনৰ 15 অক্টোবৰৰ পৰা এই দিনটো বিশ্ব হাতধোৱা দিৱস হিচাপে পালন কৰি অহা হৈছে । চৰকাৰী নির্দেশনা অনুসৰি জিলা সমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এই দিনটোত বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷ কিন্তু এইবাৰ কোভিড ১৯ ৰ ভয়াৱহতাৰ বাবে কোনো ধৰণৰ কার্য সম্পন্ন কৰা নহ’ল বুলি প্ৰকাশ কৰে ৷
লগতে চাওকঃ চিআৰইউৰ উদ্যোগত স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ