ETV Bharat / state

ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু যুৱতীৰ - স্বাৱ

বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰি টিফুক বাগিছাত ক'ৰণাত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হয় ৷ 30 জুনত যুৱতীগৰাকীৰ স্বাৱ টেষ্ট কৰাৰ পিছত 6 জুলাইত মণিকাক কোভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছিল ৷

শিৱসাগৰত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু যুৱতীৰ

author img

By

Published : Jul 8, 2020, 8:53 PM IST

আমগুৰি, 8 জুলাই : শিৱসাগৰ জিলাৰ আমগুৰি টিফুক বাগিছাত বুধবাৰে ক'ৰণাত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু হয় ৷ জকাইপদূলী এৰা বাগান বস্তিৰ নিৱাসী মৃত যুৱতীগৰাকীৰ নাম মণিকা ভূমিজ বুলি জানিব পৰা গৈছে । ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰি কৰে ৷

উল্লেখ্য যে, যুৱতীগৰাকী যক্ষ্মা ৰোগৰ লগতে ৰক্তহীনতাত ভুগি আছিল । 30 জুনত মণিকাৰ স্বাৱ টেষ্ট কৰাৰ পিছত 6 জুলাইত মণিকাক কোভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছিল ৷ ইয়াৰ পিছতে 7 জুলাইত শিৱসাগৰ চিকিৎসালয়ৰ পৰা মণিকাক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল ।

মণিকা হৈছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা শিৱসাগৰ জিলাৰ প্ৰথমগৰাকী ৰোগী ।

লগতে পঢ়ক : কৃতিমানক সম্বৰ্ধনা বাক্সা জিলা এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.