শিৱসাগৰ , 21 মে' : শিৱসাগৰ আৰক্ষীৰ বেহুত সোমাল দুই কেঁকো সাপ ব্যৱসায়ী ৷ উপ-আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত আৰু নগৰ উপ-পৰিদৰ্শকে গ্ৰাহক হৈ কৰায়ত্ব কৰে দুই কুখ্যাত কেঁকো সাপ ব্যৱসায়ী পাৰ্থপ্ৰতীম চক্ৰৱৰ্তী আৰু মাইনা আলীক ৷ দুৰ্বৃত্ত দুটাই চৰাইদেউৰ মথুৰাপুৰৰ পৰা কেঁকো সাপ আনি গ্ৰাহক ৰূপী শিৱসাগৰ আৰক্ষীৰ উপ- অধীক্ষক শুভলক্ষ্মী দত্তক বিক্ৰী কৰিবলৈ আহোতেই হাতে লুটে ধৰা পৰে দুই ব্যৱসায়ী ৷
লগতে পঢ়ক :ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত
শিৱসাগৰ সদৰ থানাত দুই দুৰ্বৃত্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ধৃত পাৰ্থপ্ৰতীম চক্ৰৱৰ্তীৰ ঘৰ শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰ পথৰ বিপৰীতে মাইনা আলীৰ ঘৰ দিখৌমুখ তেলিয়াডোঙাত।