শিৱসাগৰ, 12 এপ্ৰিলঃ শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে ২৪ সংখ্যক ৰঙালী বিহু সন্মিলন । কিন্তু বিহু উদযাপন সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাই বিহ উদযাপনৰ বাবে সংগ্ৰহ কৰা ১ লাখ ১১ হেজাৰ টকা প্ৰদান কৰিলে অসম আৰোগ্য নিধিলৈ । শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত আজি উৰুকাৰ বিয়লি বিহু সন্মিলনৰ সম্পাদক শৰৎ হাজৰিকাই অনুষ্ঠানিকভাৱে প্ৰদান কৰিলে চেক । COVID-19 বিৰোধী যুজঁৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ চেক প্ৰেৰণ কৰে বিহু উদযাপন সমিতিয়ে ।
লগতে পঢ়কঃ তাঁতশালত বিহুৱানৰ সলনি গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ