শিৱসাগৰ, 2 নবেম্বৰ: ভাৰতবৰ্ষৰ স্বাধীনতাৰ কিছুদিন পাছত প্ৰয়াত পদ্মধৰ চলিহাৰ উদ্যোগত শিৱসাগৰত প্ৰতিষ্ঠা হৈছিল এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান । শিৱসাগৰ কলেজৰূপে নামাকৰণ কৰা এই শিক্ষানুষ্ঠানখন সময়ৰ লগে লগে জয়সাগৰ পুখুৰীৰ পাৰত ঠন ধৰি উঠিবলৈ ধৰিলে । উজনি অসমৰ অন্যতম শ্ৰেষ্ঠ মহাবিদ্যালয় ৰূপে পৰিচিত শিৱসাগৰ মহাবিদ্যালয়ৰ বহু সোণালী ইতিহাস আছে । সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ অধক্ষ্যতাৰ দিনত উজ্বলি উঠা শিক্ষানুষ্ঠানখনে গৌৰৱোজ্জ্বল ৭২ বছৰ সম্পূৰ্ণ কৰি ৭৩ বছৰত ভৰি দিছে ।
শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক আদিৰ অংশগ্ৰহণত বাহিৰ কৰা শোভাযাত্ৰাৰ পাছত অনুষ্ঠিত মুকলি সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মীপ্ৰিয়া উপস্থিত থাকে । মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস উপলক্ষে উপায়ুক্ত গৰাকীয়ে শিক্ষানুষ্ঠান খনত সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাৰ বাবে এক অনুশীলন কেন্দ্ৰ স্থাপনৰ দিহা কৰাৰ কথা ঘোষণা কৰে ।
বৰ্তমানৰ শৈক্ষিক জগতখনৰ লগত ফেৰমাৰি চলা শিৱসাগৰ মহাবিদ্যালয়ত ইতিমধ্যে বহু কেইটা ব্যৱহাৰিক শিক্ষাৰ পাঠদান আৰম্ভ কৰাৰ লগতে উচ্চ মানৰ বিজ্ঞান অধ্যয়নৰ সুবিধা আৰম্ভ কৰা হৈছে ।