আমগুৰি, D২৭ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা আমগুৰিত জাতীয় পতাকাক চূড়ান্ত অৱমাননা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আমগুৰিৰ চিৰিপুৰীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা ৷ গণৰাজ্য দিৱস উপলক্ষে দেওবাৰে উত্তোলন কৰা পতাকাখন অৱনমিত কৰাৰ সময় নোলায় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ ৷ ফলত সোমবাৰে পুৱাৰ সময়ছোৱাতো একেদৰেই থাকে পতাকাখন ৷ লগতে পতাকা উত্তোলন কৰিবলৈ ব্যৱহাৰ কৰা ৰচীডালৰ ভিন্ন অংশত যোৰা-তাপলি মৰা কাৰ্যই বিদ্যালয় কৰ্তৃপক্ষৰ পতাকাখনৰ প্ৰতি চূড়ান্ত অৱহেলাৰ ভাৱকে প্ৰতিপন্ন কৰিছে ৷
ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে জাতীয় পতাকাখন অৱনমন কৰি জব্দ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। উক্ত ঘটনাই বিদ্যালয় প্ৰধান তথা পৰিচালনা সমিতিৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰে ৷
লগতে চাওকঃতৃতীয় বড়ো চুক্তি ৰাজ্যৰ বাবে শুভ বাৰ্তা : প্ৰমীলা ৰাণী ব্ৰহ্ম