ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাক্ মূহুৰ্তত শিৱসাগৰত ফিট ইণ্ডিয়া ৰাণ - শিৱসাগৰ

শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ফিট ইণ্ডিয়া ফ্ৰীদম ৰাণ(Fit India Freedom Run)ৰ আয়োজন ৷ সুস্থ-সৱল আৰু ফিট হৈ থকাৰ ওপৰত গুৰুত্ব দি স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই কাৰ্যসূচীৰ ৷

fit-india-run-program-in-sivasagar
শিৱসাগৰত ফিট ইণ্ডিয়া ৰাণ
author img

By

Published : Aug 13, 2021, 1:41 PM IST

শিৱসাগৰ, 13 আগষ্ট : সমাগত স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ফিট ইণ্ডিয়া ফ্ৰীদম ৰাণ(Fit India Freedom Run)ৰ আয়োজন ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে এই দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । নেশ্যনেল ছাৰ্ভিচ স্কীম(NSS)ৰ সহযোগত আয়োজিত হোৱা এই দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মহকুমা বিষয়া মন্দিৰা বৰুৱাই ৷

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা পতাকা জোকাৰি তেওঁ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে এই কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত সুস্থ-সৱল আৰু ফিট হৈ থকাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে দৈনিক 30 মিনিটৰ শাৰীৰিক গতিবিধি সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা দৌৰত অংশগ্ৰহণ কৰে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নেহৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তাই ।

শিৱসাগৰত ফিট ইণ্ডিয়া ৰাণ

লগতে পঢ়ক : সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

দৌৰ আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰীসকলক শাৰীৰিক গতিবিধি সংযোগ কৰাৰ শপত বাক্য পাঠ কৰোৱা হয় ।

স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ(Amrit Mahotsav) কাৰ্যসূচীৰ অংশৰূপে আয়োজিত এই দৌৰৰ পূৰ্বে অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে । অনুষ্ঠানত উপস্থিত থাকে জিলা জনসংযোগ বিষয়া চৈয়দা হাস্নাহানা বেগম, জ্যেষ্ঠ সাংবাদিক মনোজ গগৈ, মুন্না আগৰৱালা আদিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.