ETV Bharat / state

Fire hits running car: শিৱসাগৰৰ ভটিয়াপাৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই - Fire hits running car on road in Sivasagar

শিৱসাগৰৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই
শিৱসাগৰৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই
author img

By

Published : Mar 4, 2022, 11:12 AM IST

Updated : Mar 4, 2022, 11:58 AM IST

10:48 March 04

শিৱসাগৰৰ ৰাজপথত হঠাৎ দাউ-দাউকৈ জ্বলি উঠিল এখন বিলাসী বাহন (Fire hits running car) ৷ সৌভাগ্য ক্ৰমে কথমপি ৰক্ষা পৰিল চালক নৱজ্যোতি দত্তৰ ৷

ভটিয়াপাৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই

শিৱসাগৰ, 4 মাৰ্চ : পুৱাই শিৱসাগৰত অঘটন ৷ হঠাৎ শিৱসাগৰৰ ৰাজপথত জ্বলি উঠিল এখন বিলাসী বাহন (Fire hits running car) ৷ সেই সময়ত বাহনখনত আছিল চালক নৱজ্যোতি দত্ত ৷ সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে গাড়ীখনৰ চালক নৱজ্যোতি ৷

চালক নৱজ্যোতি দত্তই উল্লেখ কৰা অনুসৰি, আজি অৰ্থাৎ শুকুৰবাৰে পুৱা দত্তই জামুগুৰিৰ পৰা শিৱসাগৰ নগৰ অভিমুখে আহি আছিল । তেনে অৱস্থাতে ভটিয়াপাৰৰ সমীপত এজন পথাচাৰীয়ে দত্তক গাড়ীৰ তললৈ দেখুৱাই এক ইংগিত দিয়ে । প্ৰথমতে দত্তই বিশেষ গুৰুত্ব দিয়া নাছিল যদিও অকস্মাৎ দেখা পাই গাড়ীৰ বনেটত জুই ।

তাৰ পাচতেই ততাতৈয়াকৈ তেওঁ গাড়ী ভটিয়াপাৰত ৰখাই নামে যদিও ইতিমধ্যে জুইয়ে আৱৰি ধৰে গোটেই গাড়ীখন (Fire hits running car on road in Sivasagar) । ভটিয়াপাৰত থকা অ’এনজিচি ৰীগৰ পৰা জুই নিৰ্বাপন কৰা সামগ্ৰীৰে জুই নোমোৱাবলৈ চেষ্টা কৰে যদিও জুই নুমোৱাত বিফল হয় নৱজ্যোতি ৷ পৰৱৰ্তী সময়ত অঞ্চলটোৰ ৰাইজে খবৰ দিয়ে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীক ৷

অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জ্বলি শেষ হৈ যায় বিলাসী বাহনখন । বাহনখনৰ গৰাকী নৱজ্যোতি দত্তই সদৰি কৰা অনুসৰি, মাত্ৰ এবছৰ পুৰণি আছিল বাহনখন ৷ বাহনখনত নাছিল কোনো যান্ত্ৰিক বিজুতি ৷ কিন্তু কি কাৰণত বাহনখনত জুইৰ সূত্ৰপাত হ'ল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Fire hits running tempo: মহানগৰীৰ ৰাজপথত চলন্ত মেজিকত লাগিল জুই

Last Updated : Mar 4, 2022, 11:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.