ETV Bharat / state

Farmers busy Planting Paddy in Assam: শাওণৰ পথাৰত এতিয়া সীমাহীন ব্যস্ততা ৰাজ্যৰ চহা খেতিয়কৰ; পথাৰত ভুঁই ৰোৱাত ব্যস্ত ৰোৱনী - Farmers busy Planting Paddy at Amguri in Sivasagar

গাঁৱৰ ৰাইজৰ সৈতে ভূঁই ৰোৱাত ব্যস্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পুত্ৰ তথা অসম যুৱ পৰিষদৰ সম্পাদক সুদৰ্শন হাজৰিকা ৷ আমগুৰিৰ জালুক গাঁৱৰ, ন-পাম পথাৰত কঠিয়াৰ প্ৰথমটো গোঁজ পুতি কৃষসকলে আৰম্ভ কৰিছে খেতি কৰা পৰ্ব ৷

Farmers busy in paddy fields of Sawan Month
ৰোৱনীৰ গীতৰ কলিত মুখৰিত হৈ উঠিছে পথাৰ
author img

By

Published : Jul 21, 2023, 10:22 AM IST

শাওণৰ পথাৰত সীমাহীন ব্যস্ততা চহা খেতিয়কৰ

আমগুৰি, 21 জুলাই : শাওণৰ পথাৰত এতিয়া ৰাজ্যৰ চহা কৃষকৰ সীমাহীন ব্যস্ততা ৷ বোকাময় পথাৰত গীত গাই, ভুঁই ৰুই আঘোণৰ সোণালী সপোন ৰচাত ব্যস্ত কৃষক-ৰোৱনী ৷ এয়া ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ এক চিৰপৰিচিত ছবি ৷

ব্যস্ততাৰে ভৰা পথাৰত কাৰোৰে যেন মূৰ তুলি চাবলৈ আহৰি নাই ৷ প্ৰখৰ ৰ’দ, বৰষুণকো নেওচি এতিয়া পথাৰত সপোন ৰচিছে প্ৰত্যেকজন কৃষকে ৷ বোকাময় পথাৰত গুজি দিবলৈ লৈছে হেঁপাহৰ কঠীয়ামুঠি ৷ ৰোৱনীৰ গীতৰ কলিত মুখৰিত হৈ উঠিছে পথাৰ ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিৰ জালুক গাঁৱৰ, ন-পাম পথাৰত কঠিয়াৰ প্ৰথমটো গোঁজ পুতি কৃষসকলে আৰম্ভ কৰিছে খেতি কৰা পৰ্ব ৷ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজা পথাৰত গাঁৱৰ ৰাইজৰ সৈতে ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে বিধায়কৰ পুত্ৰ তথা অসম যুৱ পৰিষদৰ সম্পাদক সুদৰ্শন হাজৰিকা ৷

শাওনৰ তৃতীয় দিনটোত পথাৰখন ৰোৱনীৰ গীতৰ কলিত মুখৰিত হৈ উঠিছে ৷ সকলোৱে কৃষিকৰ্মৰ সমান্তৰালকৈ আনন্দ-ফুৰ্তিৰে উপভোগ কৰিছে শাওণৰ পথাৰত ন-ভুঁইৰ আনন্দ ৷ শাওন বুলি ক'লেই ভাঁহি আহে কৃষকৰ ঘৰ্মাক্ত মুখখন ৷ মূৰৰ ঘাম মাটিত পেলাই কৃষকে বোকাময় কৰি থোৱা পথাৰখন ৰোৱনীৰ লাহি আঙুলিৰ পৰশত সেউজীয়াৰে প্ৰাণ পাই উঠে ৷ ৰোৱনীৰ খিল খিল হাঁহিত পথাৰখন প্ৰাণ পোৱাৰ লগতে সেউজবুলীয়া কঠিয়াবিলাক প্ৰাণৱন্ত হৈ উঠে ৷

এই মাহ অসমীয়াৰ সমাজ জীৱন তথা চহা কৃষকৰ অতি ব্যস্ততাময় ৷ চহা জীৱনৰ এখন নিভাজ ছবি এই দিনকেইটাতেই প্ৰতিফলিত হৈ উঠে ৷ হাল বোৱা, মৈ দিয়া, তামোলৰ পিকেৰে মাটিৰ গুণাগুণ চোৱা ইত্যাদি যদিও অতীত হ'ল; গাঁৱৰ কৃষকে আজি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পৰা হ'ল ৷ পৰিৱৰ্তনৰ ঢৌৱে ধুৱাই নিলে গাঁৱৰ পথাৰখনক ৷ গাঁৱত গৰুহাল নাইকীয়া হ'ল ৷ গৰুৰ সলনি আহিল ট্ৰেক্টৰ-পাৱাৰ টিলাৰ ৷ কঠীয়া ৰোৱাৰ যন্ত্ৰও আহিল ৷ পিছনিশা গৰুহাল, কান্ধত নাঙল লৈ পথাৰলৈ যোৱা ডেকাটি নোহোৱা হ'ল ৷ সময়ৰ তুলাচনীত যদিও অসমীয়াৰ চহা জীৱনৰ প্ৰকৃত ছবিখন নোহোৱা হ'ল, তথাপিও চহা অসমীয়াই চন পৰিবলৈ দিয়া নাই নিজৰ খেতি ডৰা ৷

লগতে পঢ়ক: Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.