আমগুৰি, ২১ ফেব্ৰুৱাৰী: আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ অন্যতম সাক্ষী হ'ল দ'ল,দেৱালয়, পুখুৰী, মৈডাম আদি । স্বৰ্গদেও চ্যাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ ম্যুং-ডুন-চুন-খামত প্ৰৱেশ কৰি ৰাজ্য বিস্তাৰত মনোনিৱেশ কৰে । সাতৰাজ মাৰি একৰাজেৰে সকলোকে শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে ৰাজ্য বিস্তাৰ কৰে । ৰাজ্য বিস্তাৰৰ সমান্তৰালকৈ চ্যুকাফাৰ পৰৱৰ্তী স্বৰ্গদেওসকলে স্থাপত্য-ভাস্কৰ্যৰো নিদৰ্শন দাঙি ধৰি গৈছে । আহোমৰ অন্যতম ৰাজধানী ৰংপুৰ । এই ৰংপুৰক কেন্দ্ৰ কৰি ৰংঘৰ, তলাতল ঘৰ, গোলাঘৰকে ধৰি জয়সাগৰ পুখুৰী দ'ল, গৌৰীসাগৰ দ'ল পুখুৰী অন্যতম । গুৰুত্বপূৰ্ণ বিষয় যে স্বৰ্গদেওৰ ৰাজত্বকালৰ বহু সম্পদ আজিও লোকচক্ষুৰ আঁতৰত । ইতিমধ্য়ে বহু সম্পদ লুপ্ত হৈছে । এনে অৱস্থাতে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে গৌৰীসাগৰ লুপ্ত হৈ থকা গৰখীয়া দ'ল উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে (Excavation in Garakhiya Dol)। ইতিমধ্যে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে আহোম ৰাজত্বৰ ঐতিহাসিক সম্পদ গৰখীয়া দ'লৰ পুনৰ উদ্ধাৰৰ বাবে খনন কাৰ্য চলোৱাত স্থানীয় সচেতন লোকে সন্তোষ প্ৰকাশ কৰিছে ।
স্বৰ্গদেও শিৱ সিংহৰ ৰাজত্বকালত বৰবজা ফুলেশ্বৰী কুঁৱৰীয়ে গৌৰীসাগৰ পুখুৰী খান্দি তিনিটাকৈ দ'ল নিৰ্মাণ কৰিছিল (Central Department of Archaeology)। বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে ১৭১৫-১৭১৭ খ্ৰীষ্টাব্দৰ ভিতৰত গৌৰীসাগৰ পুখুৰী আৰু কাষত থকা বিষ্ণুদ'ল, দেৱীদ'ল আৰু শিৱদ'ল নিৰ্মাণ কৰিছিল (Bararaja Phuleshwari Kunwari)। এই দ'ল নিৰ্মাণৰ সময়তে বৰৰজাই অস্থায়ীভাৱে পূজা-পাতল কৰিবৰ বাবে গৰখীয়া দ'লৰ নিৰ্মাণ কৰিছিল । এই গৰখীয়া দ'লটো ১৯৫০ চনৰ বৰভূঁইকপত ভাগি পৰিছিল । দ'লটো ভাঙি পৰাৰ পিছত হাবি-জংঘলেৰে আগুৰি ধৰাত অনাদৃত হৈ পৰে । পুৰাতত্ব বিভাগৰ গুৱাহাটীস্থ এটা দ'লে গৌৰীসাগৰত বাহত পাতি অতি সুক্ষ্মভাৱে দ'লটোৰ চটীয়া ইটাবিলাক যাতে নষ্ট নহয় ইয়াৰ বাবে হাবি-জংঘল চাফা কৰি মাটি আঁতৰাই দৌলটোৰ অধ্যয়ণৰ ব্যৱস্থা কৰিছে ।
উল্লেখ্য যে বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ অমৰ প্ৰেমৰ চানেকি ঐতিহাসিক গৌৰীসাগৰ পুখুৰী আৰু তিনিটাকৈ দ'ল । জনশ্ৰুতি মতে,বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে গৌৰীসাগৰ পুখুৰী খান্দি ইয়াৰ পাৰত বিষ্ণুদ'ল, দেৱীদ'ল আৰু শিৱদ'ল নিৰ্মাণ কৰে । এই তিনি দ'ল নিৰ্মাণ কৰা সময়তে অদৃশ্যজনে যাতে কোনো দায়-দোষ নধৰে তাৰ কাৰণে সৰুকৈ এটি দ'ল নিৰ্মাণ কৰি দৈনিক পূজা-পাতল কৰে । বৰৰজা ফুলেশ্বৰী কুঁৱৰী শিৱ সিংহৰ প্ৰথমা পত্নী । ফুলেশ্বৰী কুঁৱৰী ফুলমতী নামেৰে পৰিচিত আছিল । এই ফুলমতীয়ে খুওব সুন্দৰকৈ বিহু নাচিচিল । বিহুনাচত পাৰ্গত দেখি স্বৰ্গদেও শিৱ সিংহই ফুলমতীক বিবাহ কৰায় আৰু বৰৰজা পাতি ফুলেশ্বৰী কুঁৱৰী নামকৰণ কৰে ।
ৰজাই যদিও ফুলমতীক বিয়া কৰায় কিন্তু ফুলমতীয়ে গৌৰী নামৰ এজন যুৱকক ভাল পাইছিল । ৰজাই এই কথা গম পাই গৌৰী নামৰ যুৱকজনক নামবৰ হাবিলৈ নিৰ্বাসন দিয়ে। কিছুদিনৰ পিছত যুৱকজনৰ নামবৰ হাবিত মৃত্যু হয় । ফুলমতীয়ে এইকথা জানিব পাৰি অন্তৰত আঘাট পায় । এনে সময়তে স্বৰ্গদেও শিৱ সিংহৰ ছত্ৰভংগৰ যোগ পৰে। স্বৰ্গদেও শিৱ সিংহৰ ছত্ৰভংগৰ যোগ পৰাত পৰিত্ৰাণ পাবলৈ ফুলমতীক বৰৰজা পাতে । বৰৰজাই শাসন লাভ কৰিয়েই নিজৰ প্ৰেম অমৰ কৰি ৰাখিবলৈ চাৰিং অঞ্চলতে দ'ল-পুখুৰী নিৰ্মাণ কৰি গৌৰীসাগৰ নাম ৰাখে । ৰজাই গৌৰীসাগৰ নাম সন্দৰ্ভত কয় যে আপুনি শিৱ সিংহ গতিকে শিৱ, মই গৌৰী মানে পাৰ্বতী । বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নিজৰ প্ৰেম অমৰ কৰি ৰাখিবৰ কাৰণেই গৌৰীৰ নামেৰে গৌৰীসাগৰ নামকৰণ কৰে । এই গৌৰীসাগৰতেই বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ অমৰ প্ৰেমৰ চানেকি আজিও সগৌৰৱে উজ্বলি আছে ।
New quake hits battered Turkey: পুনৰ আন এক ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক