ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Nov 12, 2020, 5:22 PM IST

ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পাছতে বৃহস্পতিবাৰে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত উচ্ছেদ অভিযানত নামিল জিলা প্ৰশাসন ৷ ব্যৱসায়ী সকলে এই কাৰ্যৰ বিৰোধিতা কৰি প্ৰশাসনক কিছু সময় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল যদিও প্ৰশাসনে সেই অনুৰোধ প্ৰত্যাখ্যান কৰে ৷

Eviction campaign of district administration around the historical talatal Ghar of Sivasagar
শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰ,12নৱেম্বৰঃ অৱশেষত শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত উচ্ছেদ অভিযানত নামিল জিলা প্ৰশাসন ৷ ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পাছতে বৃহস্পতিবাৰে অবৈধ বেদখলকাৰীৰ দোকান-পোহাৰ উচ্ছেদ কৰে প্ৰশাসনে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি তলাতল ঘৰৰ চৌহদৰ মাটিত দোকান দি ব্যৱসায় কৰি আহিছিল একাংশ লোকে ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে জিলা উপায়ুক্ত,দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীৰ এটা বিশাল বাহিনী নামি পৰে উচ্ছেদ অভিযানত ৷

ইপিনে,ব্যৱসায়ী সকলে এই কাৰ্যৰ বিৰোধিতা কৰি প্ৰশাসনক কিছু সময় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল যদিও প্ৰশাসনে সেই অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ আনহাতে প্ৰশাসনে দোকান-পোহাৰ উচ্ছেদ কৰাৰ বিপৰীতে একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰা গৃহসমূহ উচ্ছেদ কৰাৰ পৰা বিৰত থাকে ৷ ইয়াকে লৈ সৰৱ হৈ পৰে সচেতন মহল ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অৱশেষত সকলো দিশ বিবেচনা কৰি জিলা প্ৰশাসনে তলাতল ঘৰৰ সমুখৰ দোকান সমূহ উচ্ছেদ কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়কঃ উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.