শিৱসাগৰ, ২৫ জুন: অস্তিত্বৰ সংকটত ঐতিহাসিক আজানপীৰ দৰগাহ । মাত্ৰ আৰু ৩০০ মিটাৰ খহিলেই বিলীন হ'ব আজানপীৰ দৰগাহ । ইতিমধ্য়ে ভয়ংকৰ খহনীয়াই লুইতত সামৰি লৈছে শ শ হেক্টৰ মাটি । উটি গৈছে গঞা ৰাইজৰ বাৰী-ভেঁটি । ইয়াৰ পিচতো মৌন বিভাগীয় লোক । ৰাইজৰ চকুত চকুলো দেখিও যেন চকুমুদা কুলিৰ ভাও ধৰিছে চৰকাৰ তথা প্ৰশাসন ।
শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক সৰাগুৰি গাঁৱৰ লগতে আজানপীৰ দৰগাহলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ব্যাপক ভাবুকিৰ সৃষ্টি কৰিছে । অসমৰ লগতে ভাৰতত আজান ফকিৰ চাহাবৰ দৰগাহৰূপে প্ৰখ্যাত সৰাগুৰিৰ পৰ্যটনৰ গুৰুত্বও আছে । কিন্তু এতিয়া লুইতে কালৰূপ ধৰি চপৰা-চপৰে খহাইছে আজান পীৰ দৰগাহৰ উত্তৰ দিশৰ ভূমি । লুইতৰ ব্যাপক খহনীয়াত সৰাগুৰি গাঁৱৰ বাৰী-গোঁহালি উটি গৈছে লুইতৰ বুকুত ।
কেইবা হেক্টৰ মাটি এই খহনীয়াত জাহ যোৱাৰ পাছত এতিয়া সংকট নামি আহিছে আজান পীৰ দৰগাহলৈ । কিয়নো খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দৰগাহৰ সন্মুখৰ ফালে গতি কৰিছে । এই খহনীয়া এতিয়াই ৰোধ কৰিব নোৱাৰিলে সৰাগুৰি গাঁৱৰ লগতে ঐতিহাসিক দৰগাহলৈ বিপদ নামি আহিব সেয়া নিশ্চিত। লুইতৰ বুকুত ভূমি তথা গৃহ জাহ যোৱা দেখি ৰাইজ আতংকিত হৈ পৰিছে ।
স্থানীয় ৰাইজে অনতিপলমে জলসম্পদ বিভাগক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে । লগতে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে । উল্লেখযোগ্য যে,সৰাগুৰিৰ চাপৰিৰ এই খহনীয়াৰ ফলত এক বিস্তৃৰ্ণ অঞ্চল জাহ যোৱাৰ লগতে শ শ লোকৰ মাটি-ভেটিৰ প্ৰতি ভাবুকি আহি পৰিছে । চৰকাৰ তথা বিভাগে যদি এতিয়াই কোনো ব্যৱস্থা হাতত নলয় তেন্তে সৰাগুৰি গাঁৱৰ লগতে ঐতিহাসিক আজানপীৰ দৰগাহ চিৰকালৰ বাবে লুইতৰ বুকুত জাহ যোৱাটো নিশ্চিত ।
লগতে পঢ়ক:SpiceJet flights launched : আৰম্ভ হ’ল তেজপুৰ কলকাতা সংযোগী বিমানসেৱা