আমগুৰি, ২২ছেপ্টেম্বৰ: অসম চৰকাৰৰ শক্তি বিভাগৰ উন্নয়নৰ নমুনা । এফালে যদি মূল পথৰ সন্মুখত আছে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ, আনফালে আকৌ বাঁহৰ খুঁটাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ বান্ধি ৰাইজক সংযোগ দিয়া বিদ্যুৎ। তদুপৰি বিদ্যুৎ পৰিবাহী তাঁৰসমূহত কম ব্যৱধানত লগোৱা আছে জোৰা ।
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰত বিদ্যুৎ বিভাগে মৰণফাণ্ড (Power department's death trap at Amaguri) পাতি সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগৰ লগতে এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গৌৰীসাগৰৰ বিদ্যুৎ বিভাগে চিন্তামণিগড়ত বাঁহৰ পচাঁ খুঁটা, গছৰ ডালত বৈদ্যুতিক তাঁৰ বান্ধি ৰখাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে (Electricity wires installed on rotten bamboo poles) ।
গৌৰীসাগৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া চিন্তামণিগড়বাসীৰ ক্ষুব্ধ হৈ পৰিছে । কেইবা বছৰ ধৰি গৌৰীসাগৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে চিন্তামণিগড়ৰ বহু পৰিয়ালক মৰণফাণ্ড পাতি জীৱন নিৰ্বাহত ব্যাঘাট জন্মাই অহাৰ অভিযোগ তুলিলে অঞ্চলবাসীয়ে ।
চিন্তামণিগড়ৰ ভুক্তভোগী লোকসকলে এই সন্দৰ্ভত গৌৰীসাগৰ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীক বহুবাৰ অৱগত কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই । বৰঞ্চ সময়ৰ দোহাই দি বিদ্যুৎ বিভাগে স্থানীয় লোকসকলক বিপদলৈ ঠেলি দিয়াৰহে অভিযোগ উত্থাপিত হৈছে ।