শিৱসাগৰ,20 মাৰ্চঃ ৰাজ্যত নির্বাচনী প্রচাৰত ব্যস্ত এতিয়া প্ৰতিটো ৰাজনৈতিক দল-সংগঠন । শিৱসাগৰৰ ১০৮ নং সমষ্টিত মিত্রজোঁটৰ প্রার্থী সুৰভী ৰাজকুঁৱৰী, কংগ্রেছৰ শুভমিত্র গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈৰ মাজত দেখা যাব নির্বাচনী যুদ্ধ ৷
শিৱসাগৰত শনিবাৰে অখিল গগৈৰ হৈ নির্বাচনী প্রচাৰত ব্যস্ত হৈ পৰে নিখিল ভাৰত কৃষক সন্থাৰ নীতি নিৰ্দেশনা সমিতিৰ সদস্য ৰমেশ শর্মাক । শিৱসাগৰত উপস্থিত হৈ শর্মাই কয় যে, কৃষক নেতা অখিল গগৈ ভাতৃসম । দৰিদ্ৰ ৰাইজৰ দুখ বুজি পোৱা অখিল গগৈক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাবৰ বাবে ভূপালৰ পৰা আহি শিৱসাগৰত উপস্থিত হয়হি তেওঁ । বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত গুৰুত্ব প্ৰদান কৰে কৃষক নেতাগৰাকীয়ে । নির্বাচনত যদি অখিল গগৈয়ে জয়লাভ কৰে, তেন্তে সমাজৰ দৰিদ্ৰ লোকৰ উন্নতি হোৱাৰ লগতে ভূমিহীন লোকে ভূমি লাভ কৰিব পাৰিব মন্তব্য কৰে ৰমেশ শর্মাই ।
লগতে পঢ়কঃ পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা