ETV Bharat / state

কিয় কাটি পেলোৱা হ’ল শিৱ দ’লৰ চৌহদৰ গছ ?

author img

By

Published : Jul 9, 2021, 10:00 PM IST

এজোপা এজোপা কৈ শিৱসাগৰ শিৱ দ'লৰ ভিতৰৰ সকলোবৰো গছ কাটিলে দ'ল উন্নয়ন সমিতিয়ে ৷ কাৰ নিৰ্দেশত গছবোৰ কাটিলে উন্নয়ন সমিতিয়ে ? এই ক্ষেত্ৰত দায় সৰা মন্তব্য দ'ল উন্নয়ণ সমিতিৰ সম্পাদক বসন্ত গগৈৰ ৷

Dol development committee
শিৱসাগৰৰ শিৱ দ'লৰ গছ কাটি তহিলং দ'ল উন্নয়ণ সমিতিৰ

শিৱসাগৰ, 9 জুলাই : শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত আশ্চৰ্যকৰ ঘটনা ৷ এজোপা এজোপাকৈ শিৱ দ'ল প্ৰাংগণৰ প্ৰায় সকলোবোৰ ডাঙৰ গছ কাটি পেলাইছে শিৱ দ'ল উন্নয়ণ সমিতিয়ে । কাৰ অনুমতিত কিহৰ বাবে কটা হৈছে এই গছবোৰ ?

শিৱসাগৰৰ নগৰত থকা ঐতিহাসিক শিৱ দ'ল, বিষ্ণু দ'ল আৰু দেৱী দ'ল প্ৰাংগণ শুৱনি কৰাৰ লগতে দৰ্শনাৰ্থীক বিশেষভাৱে আকৰ্ষণ কৰি আহিছে এই গছবোৰে ৷ প্ৰকৃতি ৰক্ষাৰ লগতে দ'ল চৌহদ শুৱনি কৰি ৰখা এই গছৰবোৰৰ প্ৰয়োজনীয়তা ন'কলেও সকলোৰে জ্ঞাত । কিন্তু হঠাৎ উন্নয়ন সমিতিয়ে দুদিনৰ পৰা কাটিবলৈ আৰম্ভ কৰিছে শিৱ দলৰ প্ৰাংগণত থকা গছবোৰ ।

ইতিহাস কঢ়িয়াই লৈ থকা এই দ'ল কেইটা বৰ্তমান কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ তত্বাৱধানত আছে । হৰটিকালচাৰ শাখাই দ'লৰ প্ৰাংগণত কি কি উদ্ভিদ ৰুব অথবা কি কি উদ্ভিদ কাটিব তাৰ বিজ্ঞান সন্মত সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু আশ্চৰ্যজনক ভাৱে এই বিভাগৰ লগত আলোচনা নকৰাকৈ দ'ল প্ৰাংগণৰ সকলো গছ কাটি দিবলৈ নিৰ্দেশ দিয়ে দ'ল উন্নয়ণ সমিতিয়ে ৷

এই সন্দৰ্ভত কেন্দ্ৰীয় পূৰাতত্ব বিভাগ(Central Department of Archaeology)ৰ হৰটিকালচাৰৰ শাখাৰ বিষয়া নিখিল দাসে বিভাগৰ তৰফৰ পৰা কোনো অনুমতি নোলোৱা বুলি অৱগত কৰে । সেইদৰে পৰিৱেশ সুৰক্ষা স্বাৰ্থত গছ কাটিবৰ বাবে বন বিভাগৰ পৰা অনুমতি গ্ৰহণ কৰা বাধ্যতামূলক । কিন্তু দ'ল উন্নয়ণ সমিতিয়ে দ'ল চৌহদৰ গছ কাটিবৰ বাবে বন বিভাগৰ পৰাও কোনো অনুমতি গ্ৰহণ কৰা নাই বুলি বন বিভাগে অৱগত কৰিছে ।

এনে স্থলত স্বয়ং শিৱসাগৰ জিলা উপায়ুক্ত দ'ল উন্নয়ণ সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত থকাৰ সময়ত কিয় এনেদৰে অবৈধ ভাৱে দ'লৰ প্ৰাংগণৰ গছ কাটিব লগা হ'ল সেইয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন ৷ উন্নয়ণ সমিতিৰ সম্পাদক বসন্ত গগৈৰ মতে গছবোৰৰ শিপাই ভিতৰি ভিতৰি দ'ল কেইটাৰ আন্তঃগাঁঠনিৰ ক্ষতি কৰিছে । লগতে একাংশ গছৰ বাবে দ'ল কেইটাত ৰ'দ নপৰাৰ বাবে দ'লৰ মূল ভৱনৰ ক্ষতি হৈছে । এনেবোৰ কাৰণতে দ'লৰ প্ৰাংগণত থকা গছ সমূহ কাটিবলৈ সিদ্ধান্ত লোৱা হ'ল বুলি সম্পাদকজনে যুক্তি আগবঢ়াইছে ।

লগতে পঢ়ক: গৃহ বিভাগত হাহাকাৰ : কেনেকৈ জামিন পালে পলাতক মফিদুলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.