ETV Bharat / state

হাতত কোৰ লৈ খেতিত নামিল তিনি বাইভনী

ডিমৌ কলিয়াপানী স্বৰ্ণ গাঁৱৰ সুষেশ্বৰ চাওৰাৰ ৰুপালী চাওৰা, অনিতা চাওৰা আৰু প্ৰিয়া চাওৰাই নামি পৰিছে জীৱন সংগ্ৰামত । বিগত কিছু দিন পূৰ্বে তেঁওলোকৰ হালোৱা গৰু হাল চোৰে লৈ যায় । যাৰ বাবে এতিয়া গৰু অবিহনেই নিজেই কোৰ মাৰি পাচঁ বিঘা মাটি ধান খেতিৰ বাবে প্ৰস্তুত কৰিছে তিনি যুৱতীয়ে ।

Dimou three sister engaged in farming
হাতত কোৰ লৈ খেতিত নামিল তিনি বাইভনী
author img

By

Published : May 17, 2020, 8:03 PM IST

শিৱসাগৰ,17 মেঃ হাতত কোৰ লৈ কৃষি কৰ্মত নামিল তিনি বাই ভনী । দুচকুত অযুত সপোন তিনিওজনীৰে । ডিমৌ কলিয়াপানী স্বৰ্ণ গাঁৱৰ সুষেশ্বৰ চাওৰাৰ কন্যা ৰুপালী চাওৰা, অনিতা চাওৰা আৰু প্ৰিয়া চাওৰা নামি পৰিছে জীৱন সংগ্ৰামত । বিগত কিছু দিন পূৰ্বে তেঁওলোকৰ হালোৱা গৰু হাল চোৰে লৈ যায় । যাৰ বাবে এতিয়া গৰু অবিহনেই নিজেই কোৰ মাৰি পাচঁ বিঘা মাটি ধান খেতিৰ বাবে প্ৰস্তুত কৰিছে তিনি যুৱতীয়ে । মাক দেউতাক দিন হাজিৰাৰ কামত ব্যস্ত থকাৰ বাবে পঢ়া-শুনাৰ মাজতে কৃষিকৰ্মত জড়িত হৈ পৰিছে তিনিও ভনী ।

হাতত কোৰ লৈ খেতিত নামিল তিনি বাইভনী

ইয়াৰ উপৰিও ৰূপালী আৰু প্ৰিয়া চাওৰা চনাপুৰ সামাজিক উন্নয়ন সমিতিৰ সদস্য ৰূপে বিভিন্ন সামাজিক,উন্নয়নমূলক কামত সেৱা আগবঢ়াই আহিছে । লগতে অনিতা চাওৰাই কিছু মাহৰ পূৰ্বে চনাপুৰ সামাজিক সমিতিক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত আয়োজিত মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতাৰ এথলেটিক্স শাখাতো অংশগ্ৰহণ কৰিছিল ।

যি সময়ত চৰকাৰে খেতিয়কৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে সেইসময়তেই কোনো সাহাৰ্য অবিহনেই কৃষি কৰ্মত মনোনিবেশ কৰি সমাজলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে ডিমৌৰ এই তিনিওজনী বাই ভনীয়ে ।

লগতে পঢ়ক-কাছাৰত চিনাক্ত কৰ'ণাত আক্ৰান্ত ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.