ETV Bharat / state

Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন - devotees flock to Sivasagar devi dol on Durga Puja

পূৰ্বৰ দৰে শিৱসাগৰৰ দেৱী দৌলত আয়োজন কৰা হৈছে দুৰ্গা পূজা ৷ বৰ বলি, সৰু বলিৰ বাবে সাজু হৈছে দৌল কৰ্তৃপক্ষ ৷

Durga puja at Devi Dol
দেৱী দৌলত দুৰ্গা পূজা
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:17 PM IST

দেৱী দৌলত দুৰ্গা পূজা

শিৱসাগৰ, ২১ অক্টোবৰ : কালি ষষ্ঠীৰ নিশা সম্পূৰ্ণ এক মাংগলিক পৰিৱেশৰ মাজতেই বেদীত প্ৰতিষ্ঠা কৰা হ’ল দেৱী দুৰ্গাক ৷ দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰতো পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা হৈছে ৷ শিৱসাগৰৰ পূজা মণ্ডপসমূহত পুৱাৰ পৰা সপ্তমী পূজাৰ বাবে ভক্ত সোঁত বোৱা পৰিলক্ষিত হৈছে ৷

ইফালে শিৱসাগৰ নগৰৰ শতায়ু গৰকা সুদীৰ্ঘ ২৯০ বছৰ ধৰি চলি অহা দেৱী দৌলৰ দুৰ্গা পূজাৰ মহা সপ্তমীত ৰাইজৰ পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ সৰু বলিৰ দিনা অৰ্থাৎ আজি শ্ৰদ্ধা-ভক্তিৰ প্ৰতীক দেৱী দৌলত ৰাইজে মা দুৰ্গাৰ চৰণত সেৱা লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, কাইলৈ সম্পন্ন হ'বলগীয়া মহা অষ্টমীৰ প্ৰস্তুতিও দৌল সমিতিয়ে সম্পূৰ্ণ কৰিছে । কাইলৈ সম্পন্ন হ'বলগীয়া বৰ বলিৰ বাবে দৌল চৌহদত সম্পূৰ্ণ হৈছে বলিশাল । কাইলৈ এই বলিশালত দেৱী মাক সন্তুষ্ট কৰিবৰ বাবে কোমোৰা, হাঁহ, ছাগলী আদি বলি হিচাবে আগবঢ়োৱা হ'ব ।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে বৰ বলিৰ দিনা এই আহোম যুগৰ দেৱী দৌলত আগবঢ়োৱা বলি লৈ বাবে ভিৰ কৰা দেখা যায় । সেয়েহে আয়োজক সমিতিয়ে এই বিধিভাগ সূচাৰুৰূপে চলাই নিবৰ বাবে বলি ভেদে এক মাচুল নিৰ্দিষ্ট কৰি দিছে । ছাগলীৰ বাবে ১০০ টকা, হাঁহৰ বাবে ৫০ টকা আৰু কোমোৰাৰ বাবে ২০ টকাৰ মাচুল নিৰ্ধাৰণ কৰি সকলো ভক্তপ্ৰাণ ৰাইজক মাচুল দি পঞ্জীয়ন কৰি শৃংখলিতভাৱে বলি কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান জনাইছে ।

ইয়াৰ ওপৰিও কাইলৈ মহা অষ্টমীৰ দিনা দেৱী দৌলত শতিকা পুৰণি এক পৰম্পৰা পালন কৰা হ'ব । সম্প্ৰীতিৰ নিদৰ্শন ৰূপে পৰিচিত এই পৰম্পৰাত মুছলমান দৌল্লা পৰিয়াল আৰু বেতবাৰীৰ বৰপাত্ৰ গোঁহাই পৰিয়ালক পূজাৰ শৰাই আগবঢ়োৱা হ'ব ।

আহোম যুগতে দেৱী দৌলত ঢাক বজোৱাৰ দায়িত্বত থকা দৌল্লা পৰিয়াললৈ এই প্ৰসাদ প্ৰতি বছৰে আগবঢ়োৱা হয় । সেইদৰে আহোম বিষয়া বৰপাত্ৰ গোঁহাই পৰিয়াললৈ অনুৰূপ শৰাই আগবঢ়াই অহা হৈছে । কাইলৈ বিয়লি এই শৰাই প্ৰদান পৰ্ব অনুষ্ঠিত কৰা হ'ব বুলি দৌল উন্নয়ন সমিতিয়ে জানিব দিছে । ইতিমধ্যে ঐতিহাসিক শিৱ দৌলৰ সন্মুখ ভাগত বিশাল মণ্ডপ নিৰ্মাণ কৰা হৈছে ৷

কাইলৈ অষ্টমীৰ দিনা বহু বিশিষ্ট, গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত দৌল পৰিচালনা সমিতিয়ে এক বিশেষ অনুষ্ঠানৰ মাজেৰে দুয়োটি পৰিয়ালক প্ৰসাদ আগবঢ়াব ৷ আনহাতে, দলৰ সন্মুখত নিৰ্মাণ কৰা সু-বিশাল মঞ্চত প্ৰতি নিশাই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷ বাতৰি লিখা পৰলৈকে শিৱসাগৰ চহৰকে ধৰি দাঁতিকাষৰীয়া দিচাংমুখ-জয়সাগৰ, কালুগাঁও, শলগুৰি পৰ্যন্ত প্ৰতিখন মণ্ডপতেই শংখ ধ্বনি, আৰতীৰ ঝংকাৰৰ মাজতেই হাজাৰ হাজাৰ ভক্তৰ প্ৰাণ ভৰা উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাবে প্ৰতি দহখন পূজা মণ্ডপৰ বিপৰীতে একোগৰাকীকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া নিযুক্ত কৰা হৈছে ৷ লগতে নগৰৰ দলমুখ চাৰিআলিত আৰক্ষী প্ৰশাসনে অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপনেৰে নিৰাপত্তা তদাৰক কৰিছে ৷

ইফালে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মুঠ ২৬ টা স্থানত এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ৷ সকলো পূজা সমিতিয়েই চৰকাৰী নীতি নিৰ্দেশনা মানি পূজা মণ্ডপসমূহত পৰ্যাপ্ত পোহৰ, CCTV কেমেৰা, বিশুদ্ধ খোৱাপানী, পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে শৌচাগাৰ, নিজা ভলেন্টিয়াৰ, জুই নুমুৱা যন্ত্ৰ আদি সাজু কৰি ৰাখিছে ৷

শিৱসাগৰ আৰক্ষীয়েও প্ৰতিটো পূজা মণ্ডপৰ লগতে চহৰ অঞ্চলত বেটেলিয়ান, CRPF ৰ লগতে অসামৰিক পোচাকত ব্যাপক হাৰত চোৰাংচোৱা নিয়োগ কৰি কঠোৰ নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছে ৷ এক প্ৰকাৰে যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ জৰুৰী সেৱাৰ বাহনো সাজু কৰি ৰখা হৈছে ৷

লগতে পঢ়ক : What happens on Saptami Durga Puja ? : মহাসপ্তমীৰ দিনা মাৰ কোনটো ৰূপক আৰাধনা কৰা হয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.