শিৱসাগৰ, 2 চেপ্টেম্বৰ : শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতি আৰু সংগ্ৰামী মহিলা পৰিষদে যৌথ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈ থকা সত্য ৰঞ্জন বৰা আৰু গীত কামৰূপৰ গ্ৰেপ্তাৰৰ দাবীত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী। বিগত দিনত সত্যৰঞ্জন বৰা নামৰ এজন ব্যক্তিয়ে শিৱসাগৰ আহি সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেইদৰে গীত কামৰূপা নামৰ তথাকথিত মহিলা সংগঠনৰ নেত্ৰী গৰাকীয়ে শিৱসাগৰৰ ৰাইজ, মহিলা আৰু দল সংগঠনক কটূ সমালোচনা কৰি অশালীন ভাষাৰে বদনাম দিছিল।
যাৰ বাবে শিৱসাগৰ সদৰ থানাত প্ৰায় ১৭ টা সংগঠনে ২৭ আগষ্টত গীত কামৰূপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । কিন্তু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা এসপ্তাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
লগতে পঢ়ক : অখিল গগৈৰ আইনী সাহায্য পুঁজিলৈ ৫০হাজাৰ টকা কলাগুৰু ফাউণ্ডেশ্যনৰ