আমগুৰি, ১০ ডিচেম্বৰ: শিৱসাগৰৰ জাঁজীত অনুষ্ঠিত কৰা হয় আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাখনি(Invitational Day-Night Football Tournament in Sivasagar) । স্বৰ্গীয় দূৰ্গা প্ৰসাদ বৰুৱা, ঋতুৰাজ গগৈ আৰু স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ড আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি শুকুৰবাৰে অগনন দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰা হয়(Day-night football tournament inaugurated in Sivasagar) । প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই(Minister Bimal Bara) ।
উদ্বোধনৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই স্বৰ্গীয় দূৰ্গা প্ৰসাদ বৰুৱা, ঋতুৰাজ গগৈ আৰু স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ডৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে । দশমবাৰৰ বাবে অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন অনুষ্ঠিত হয় স্পটছ ভেলি আৰু আনুৰাগ ফে চিৰ মাজত । তীব্ৰ উত্তেজনামূলক খেলখন উপভোগ কৰিবলৈ উপস্থিত থাকে অগনন দৰ্শক ।
অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক আগবঢ়াই নিবৰ কাৰণে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে মন্ত্ৰী বিমল বৰাই । সমগ্ৰ অসমত ৰাজ্য চৰকাৰে সমষ্টিভিত্তিত ৪০ খন, ১০ খন জিলাভিত্তিত আৰু ৫২ খন ষ্টেডিয়ামৰ নিৰ্মাণ কৰাৰ কাম হাতত লোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰী বিমল বৰাই ।