ETV Bharat / state

শিৱসাগৰত চলন্ত বাহনৰ পৰা ডকাইতে লুটি নিলে টকা

দিন দুপৰত বহু লোকৰ সন্মুখত ডকাইতে আলিমুদ্দিন আহমেদৰ পৰা ধন কাঢ়ি পলায়ন কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে পুৱা শিৱসাগৰ নগৰৰ কানাড়া বেংকৰ শাখাৰ পৰা আহমেদে প্ৰতিষ্ঠানৰ দুই লাখ টকা উলিয়াই অনিছিল। শিৱসাগৰ নগৰত এনে ঘটনা দৈনিক সংঘটিত হ'বলৈ ধৰিছে ।

Sibsagar
ডকাইতে লুটি নিলে টকা
author img

By

Published : Nov 27, 2019, 8:12 PM IST

শিৱসাগৰ, 27 নৱেম্বৰঃ শিৱসাগৰ নগৰৰ মাজমজিয়াত পুনৰ দিন ডকাইতিৰ ঘটনা পোহৰলৈ আহিছে ৷ পূৰ্বতে অনেকবাৰ অনুৰূপ ঘটনা সংঘটিত হৈ যোৱাৰ দৰে বুধবাৰে নগৰ খনৰ পৰিবহন নিগম তিনি আলিৰ সমীপৰ পৰা ডকাইতে চলন্ত দুচকীয়া বাহনৰ পৰা লুটি নিলে দুই লাখ টকা। নগৰৰ ষ্টেচন চাৰি আলিৰ শৈলেশ বাঞ্চালৰ মালিকাধীন এছিয়াটিক ট্ৰেভেলছৰ কৰ্মচাৰী আলিমুদ্দিন আহমেদৰ পৰা ডকাইতে লুটিলে এই ধন ।

চলন্ত বাহনৰ পৰা ডকাইতে লুটি নিলে টকা

জানিব পৰা মতে বুধবাৰে পুৱা শিৱসাগৰ নগৰৰ কানাড়া বেংকৰ শাখাৰ পৰা আহমেদে প্ৰতিষ্ঠানৰ দুই লাখ টকা উলিয়াই অনিছিল। ধন ভৰোৱা বেগটো তেওঁ ডিঙিত ওলোমাই এখন স্কুটিৰে প্ৰতিষ্ঠানলৈ আহি থকা অৱস্থাত এখন নীলা 220 পালচাৰ বাইকত অহা দুজন যুৱকে চলন্ত অৱস্থাত তেওঁৰ ধনৰ বেগ কাঢ়ি উধাও হয় । ঘটনা ইমান আকস্মিক আৰু ভয়াৱহ আছিল যে আহমেদে ডিঙিত ওলোমাই নিয়া বেগৰ ৰচী চিঙি যোৱাৰ লগতে আহমেদ পথৰ ওপৰত পৰি আঘাত প্ৰাপ্ত হয়। দিন দুপৰত বহু লোকৰ সন্মুখত এইদৰে ডকাইতে ধন খিনি কাঢ়ি লৈ এ.টি.ৰোড হৈ কে.পি.চাৰিআলিৰ দিশে পলায়ন কৰে।

উল্লেখ্য যে শিৱসাগৰ নগৰত এনে ঘটনা দৈনিক সংঘটিত হ'বলৈ ধৰিছে । কিন্তু শিৱসাগৰ আৰক্ষীয়ে আজিলৈ এনে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। শিৱসাগৰ নগৰৰ বিভিন্ন বেংকত চোপ লোৱা এই চক্ৰই বেংকৰ ভিতৰৰ পৰা মোটা অংকৰ ধন উঠাবলৈ অহা লোকৰ পিছ লৈ এইদৰে ধন কাঢ়ি নিয়ে। বিভিন্ন সময়ত এনে সন্দহজনক লোকৰ চিচি টিভি ফুটেজ লাভ কৰাৰ পাচতো কিন্তু আৰক্ষীয়ে আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। বুধবাৰে সংঘটিত হোৱা এনে ডকাইতি কেৱল উদ্বেগজনক নহয়,বৰঞ্চ ভয়াৱহ। কিয়নো চলন্ত বাহনৰ পৰা পৰি যোৱা আলিমুদ্দিন আহমেদৰ কোনোমতেহে প্ৰাণ ৰক্ষা পৰে । এতিয়াও যদি শিৱসাগৰ আৰক্ষী সাৰ নাপাই তেন্তে অৰাজক হ'ব শিৱসাগৰ ৷

লগতে পঢ়ক- যোৰহাটৰ পৰা আটক দুই দুধৰ্ষ আলফা কেডাৰ

Intro:Body:*শিৱসাগৰ নগৰত পুনৰ দিন ডকাইতি--চলন্ত বাহনৰ পৰা লুটিলে দুই লাখ টকা*

Story-DAY_ROBBERY
Ananta Smith
Sivasagar
27th November

শিৱসাগৰ নগৰৰ মাজমজিয়াত পুনৰ দিন ডকাইতি।পূৰ্বতে অনেকবাৰ অনুৰূপ ঘটনা সংঘটিত হৈ যোৱাৰ দৰে আজি দিনত নগৰৰ পৰিবহণ নিগম তিনি আলিৰ সমীপৰ পৰা ডকাইতে চলন্ত দুচকীয়া বাহনৰ পৰা লুটিলে দুই লাখ টকা।নগৰৰ ষ্টেচন চাৰি আলিৰ শৈলেশ বাঞ্চালৰ মালিকাধীন এছিয়াটিক ট্ৰেভেলছৰ কৰ্মচাৰী আলিমুদ্দিন আহমেদৰ পৰা লুটিলে এই ধন।আজি পুৱা শিৱসাগৰ নগৰৰ কানাড়া বেংকৰ শাখাৰ পৰা আহমেদে প্ৰতিষ্ঠানৰ দুই লাখ টকা ওলিয়াইছিল।ধন ভৰোৱা বেগটো ডিঙিত ওলমাই তেওঁ AS 04 P 8965 নম্বৰৰ স্কুটিখনেৰে প্ৰতিষ্ঠানলৈ আহি থকা অৱস্থাত এখন নীলা ২২০ পালচাৰ বাইকত অহা দুজন যুৱকে চলন্ত অৱস্থাত তেওঁৰ ধনৰ বেগ কাঢ়ি উধাও হয়।ঘটনা ইমান আকস্মিক আৰু ভয়াবহ আছিল যে আহমেদে ডিঙিত ওলমাই নিয়া বেগৰ ৰচী চিঙি যোৱাৰ লগতে আহমেদ পথৰ ওপৰত পৰি আঘাটপ্ৰাপ্ত হয়।দিন দুপৰত বহু লোকৰ সন্মুখত এইদৰে ডকাইতে ধন কাঢ়ি এ.টি.ৰোড হৈ কে.পি.চাৰিআলিৰ দিশে পলায়ন কৰে।

Bite-আলিমুদ্দিন আহমেদ

শিৱসাগৰ নগৰত এনে ঘটনা দৈনিক সংঘটিত হব ধৰিছে।কিন্তু শিৱসাগৰ আৰক্ষীয়ে আজিলৈ এনে ভয়ানক অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।শিৱসাগৰ নগৰৰ বিভিন্ন বেংকত চোপ লোৱা এই চক্ৰই বেংকৰ ভিতৰৰ পৰা মোটা ধনৰাশী উইড্ৰ কৰা লোকৰ পিছ লৈ এইদৰে ধন কাঢ়ি নিয়ে।বিভিন্ন সময়ত এনে সন্দহজনক লোকৰ চিচি টিভি ফুটেজ লাভ কৰাৰ পাছতো কিন্তু আৰক্ষীয়ে গ্ৰহণ নকৰে কোনো ব্যৱস্থা।আজি সংঘটিত হোৱা এনে ডকাইতি কেৱল উদ্বেগজনক নহয়,বৰঞ্চ ভয়াবহ।কিয়নো চলন্ত বাহনৰ পৰা পৰি যোৱা আলিমুদ্দিন আহমেদৰ কোনোমতেহে প্ৰাণ ৰক্ষা পৰে।এতিয়াও যদি শিৱসাগৰ আৰক্ষী সাৰ নাপাই তেন্তে অৰাজক হব শিৱসাগৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.