ETV Bharat / state

দেশ ৰক্ষাৰ স্বাৰ্থত বিজেপিক শাসনৰ পৰা উফৰাবলৈ বদ্ধপৰিকৰ কমিউনিষ্ট পাৰ্টিঃ মুনীন মহন্ত - বিজেপি দলক শাসনৰ পৰা উফৰাবলৈ কমিউনিষ্ট পাৰ্টি

আজিৰ পৰা শিৱসাগৰত আৰম্ভ হৈছে কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক অভিৱৰ্তন(State Conference of Communist Party of India) ৷ অভিৱৰ্তনত উপস্থিত থাকিব কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান সম্পাদক ডি ৰাজা ৷

CPI 24th conference held in Sivsagar
শিৱসাগৰত চিপিআই দলৰ ৰাজ্যিক অধিৱেশন
author img

By

Published : Sep 24, 2022, 5:03 PM IST

শিৱসাগৰ,24 ছেপ্টেম্বৰ: আজিৰে পৰা শিৱসাগৰত আৰম্ভ হৈছে কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক অভিৱৰ্তন(State Conference of Communist Party of India) ৷ শিৱসাগৰ নগৰৰ টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ২৪তম ৰাজ্যিক অধিৱেশনখনি ৷

অধিৱেশনৰ আৰম্ভণিতে এক বিশাল সমদলৰ আয়োজন কৰা হয় ৷ তিৱা, বড়ো, মিছিং, চাহ জনজাতি, দেউৰী আদিৰ লগতে বিভিন্ন সাংস্কৃতিক ৰীতি-নীতি, পৰম্পৰা প্ৰদৰ্শন কৰা হয় উক্ত সমদলটোত ৷ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে উক্ত সমদলত ৷

দলৰ ৰাজ্যিক প্ৰধান সম্পাদক মুনীন মহন্তই অভিৱৰ্তনত অংশগ্ৰহণ কৰি বিজেপি দলৰ নেতৃত্বত গঠিত চৰকাৰৰ শাসনক তীব্ৰ সমালোচনা কৰে (CPI strongly criticized the BJPs rule) ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰে চলোৱা অপশাসনক লৈ সৰৱ হৈ নেতাগৰাকীয়ে কয় যে, দেশ আৰু জাতি ৰক্ষাৰ খাতিৰত এই দলৰ চৰকাৰক শাসনৰ পৰা উফৰাবলৈ কমিউনিষ্ট পাৰ্টি বদ্ধপৰিকৰ । কা আইনৰ জৰিয়তে দেশৰ সাংবিধানিক চৰিত্ৰ ভংগ কৰা এইখন চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক কমিউনিষ্ট দলৰ নীতি আৰু পৰিকল্পনা এই অভিৱৰ্তনতে স্থিৰ কৰা হ'ব বুলিও মহন্তই উল্লেখ কৰে ।

শিৱসাগৰত চিপিআই দলৰ ৰাজ্যিক অধিৱেশন

নতুন অর্থনৈতিক নীতিৰ ফলত দেশৰ চৰকাৰী খণ্ডত গঢ়ি উঠা সৰু-বৰ উদ্যোগ আৰু খাৰুৱা তেলৰ দৰে প্ৰাকৃতিক সম্পদসমূহ বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত এপদ এপদকৈ গতাই দিয়াৰ পথ প্ৰশস্ত কৰাৰ পাছত কেঁচামালৰ ভিত্তিত গঢ়ি উঠা উদ্যোগবোৰো পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ দৰে ব্যৱস্থা শাসনাধিষ্ঠিত চৰকাৰখনে ক্ষীপ্ৰ গতিত কৰি তুলিছে বুলি মহন্তই উল্লেখ কৰে । এই পটভূমিত কেৱল ক্ষমতা বৰ্তাই ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লাখ লাখ কোটি টকা ঋণ লৈ হিতাধিকাৰীৰ সৃষ্টি কৰিছে । যাৰ ফলত দেশত পেট্ৰ'লজাত সামগ্ৰীকে ধৰি প্ৰতিবিধ বয়-বস্তুৰ মূল্য নিৰৱচ্ছিন্নভাৱে বৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন শোধাইছে ।

আনহাতে, দেশত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে(Unemployment problem in India) । কর্মসংস্থাপনৰ পথো ক্ৰমশ: কমি আহিছে । প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণতো দলটো সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বুলি মহন্তই উল্লেখ কৰে ৷ প্ৰতিশ্ৰুতি পূৰণ কৰাটো দূৰৰে কথা, বহু ক্ষেত্ৰত ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰি সৰ্বসাধাৰণৰ জনজীৱন বিপদাপন্ন কৰি তুলিছে বুলি সম্পাদক মুনীন মহন্তই শাসনাধিষ্ঠিত বিজেপি দলটোৰ বিৰুদ্ধে অভিযোগ তোলে ।

উল্লেখযোগ্য যে আজিৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই অভিৱৰ্তনত কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰধান সম্পাদক ডি ৰাজা, সম্পাদকদ্বয় অমৰজিৎ কৌৰ আৰু পল্লৱ সেনগুপ্তই অংশগ্ৰহণ কৰিব বুলি ৰাজ্যিক সূত্ৰৰ পৰা জানিবলৈ দিছে(CPI 24th conference) । টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰৰ লগতে শিৱসাগৰ নগৰৰ যুৱদলত কাইলৈৰ পৰা প্ৰতিনিধি পৰিষদ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিজেপিয়ে সন্ত্ৰাসক ঢাল হিচাপে ব্যৱহাৰ কৰিছে : মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.