ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

ইন্ধনৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ । শুকুৰবাৰে শিৱসাগৰ নগৰৰ কে পি চাৰিআলিৰ ডি আৰ পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ কৰ্মকৰ্তাই । শীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী জনাইছে দলটোৱে ।

Congress worker portest against petrol price hike at Sivsagar
শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jun 11, 2021, 6:02 PM IST

শিৱসাগৰ, ১১ জুন: কৰ'ণা(Corona) মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ বাবে সাধাৰণ ৰাইজ আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ সময়তে এইবাৰ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে । ইন্ধনৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী জনাইছে বিৰোধী ৰাজনৈতিক দলৰ লগতে আন সংগঠনসমূহেও ।

শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে(INC) ৰাজ্যুজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ আন আন জিলাৰ লগতে শিৱসাগৰ(Sivsagar)তো জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছ আৰু নগৰ ব্লক কংগ্ৰেছৰ সহযোগত প্ৰতিবাদ(PROTEST) সাব্যস্ত কৰে দলীয় কৰ্মকৰ্তাই ।

শিৱসাগৰ নগৰৰ কে পি চাৰিআলিৰ ডি আৰ পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । শুকুৰাবৰৰ দিনটোত এক লিটাৰ পেট্ৰ'লৰ মূল্য(Petrol Price) ৯২.১১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৬.৮০ টকা ।

ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি(Price Hike)ৰ ফলত সমগ্ৰ পৰিবহণ ব্যৱস্থা ব্যয়বহুল হৈ পৰাৰ বাবে ইয়াৰ প্ৰভাৱ দৈনন্দিন প্ৰয়োজন হোৱা সামগ্ৰীৰ ওপৰতো পৰিছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি হ'বলৈ ধৰিছে । সেয়েহে, বিৰোধী দলটোৱে শীঘ্ৰে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিৰে লুন্ঠনৰাজ অসাধু ব্যৱসায় প্ৰতিষ্ঠানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.