শিৱসাগৰ, 21ফেব্ৰুৱাৰী: ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে দেওবাৰে শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে শিৱসাগৰ নগৰতো পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ।
নগৰখনৰ কে.পি.চাৰিআলিস্থিত পেট্ৰল পাম্পৰ সমুখত কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল ইন্ধনৰ মূল্য 54 ডলাৰ হোৱাৰ সময়তো কেৱল চৰকাৰী কৰ আৰোপৰ বাবে বিজেপি চৰকাৰে বৰ্দ্ধিত মূল্যত ইন্ধন ক্ৰয় কৰিবলৈ ৰাইজক বাধ্য কৰাইছে বুলি মন্তব্য কৰে । কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ এনে বিফলতাক লৈ ৰাইজক সৰ্বাত্মক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে ডুমডুমাত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ