ETV Bharat / state

Commando Bettilian Mintu Bora is no more : অসম আৰক্ষীৰ কামাণ্ডো মিন্টু বৰাৰ আকস্মিক মৃত্যু - মিন্টু বৰা আৰু নাই

আৰ্থিকভাৱে দুৰ্বল মিন্টু বৰাৰ পৰিয়ালটোৰ মুখত হাঁহি । দিন হাজিৰা কৰা মিন্টু বৰাৰ পিতৃয়ে স্বস্তিৰ নিশ্বাস পেলাইছিল । মৰমৰ একমাত্ৰ পুত্ৰই আৰক্ষীৰ কামাণ্ডোত দক্ষতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল । কিন্তু ছুটীত ঘৰলৈ আহি ককায়েকৰ বিয়াত ঢলি পৰিল মিন্টু বৰা । কিছু সময় পাচতে চিৰদিনৰ বাবে শুই পৰিল হাঁহিমুখীয়া ল’ৰাটো (Commando Bettilian Mintu Bora is no more) ।

Commando Bettilian Mintu Bora is no more
চিৰদিনৰ বাবে শুই পৰিল কামাণ্ডো মিন্টু বৰা
author img

By

Published : Mar 13, 2023, 9:42 PM IST

চিৰদিনৰ বাবে শুই পৰিল কামাণ্ডো মিন্টু বৰা

আমগুৰি, ১৩ মাৰ্চ : শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মগৰাহাট গড়কাষৰীয়া গাঁৱত এক শোকাকুল পৰিৱেশ । গাঁওখনৰ সকলোৰে মৰমৰ মিন্টু চিৰদিনৰ বাবে এক অজান দেশলৈ গ’ল গৈ (Commando Bettilian Mintu Bora is no more)। যোৱা নিশালৈকে বৰদেউতাকৰ ল’ৰাৰ বিয়াত হাঁহি থকা সুঠাম যুৱকজন আজি চিৰনিদ্ৰাত । এই খবৰটোৱে লাভ কৰিয়েই এতিয়া সকলো স্তব্ধ হৈ পৰিছে ।

গড়কাষৰীয়া গাঁও নিবাসী হেমন্ত বৰা আৰু পিংকি বৰাৰ দুই সন্তানৰ একমাত্ৰ পুত্ৰ সন্তান মিন্টু বৰাই বিগত জানুৱাৰী মাহত অসম আৰক্ষীৰ কামাণ্ডোত নিযুক্তি লাভ কৰিছিল । প্ৰশিক্ষণৰত অৱস্থাত আছিল এসময়ৰ মেধাবী ছাত্ৰজন । সাত দিনৰ ছুটী লাভ কৰি ঘৰলৈ আহিছিল মিন্টু ।

বৰদেউতাকৰ ল’ৰাৰ বিয়াত যোৱা নিশা অৰ্থাৎ দেওবাৰে নিশা আনন্দ ফূৰ্তিও কৰিছিল (Commando Bettilian Mintu Bora passes away) ৷ কিন্তু নিয়তিৰ বিধান যেন নিষ্ঠুৰ আছিল । বিয়াৰ হাঁহি ফূৰ্তিৰ মাজতেই ঢলি পৰিল মিন্টু । ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মিন্টুক চিকিৎসকে মৃত ঘোষণা কৰে ।

ছাত্ৰ অৱস্থাত দিনহাজিৰা কৰা পিতৃক সহায় কৰিবৰ বাবে নিজেও দিনহাজিৰা কৰি পৰিয়ালৰ দায়িত্ব বহন কৰাৰ উপৰিও নিজে পঢ়াৰ খৰচ উলিয়াই লৈছিল মিণ্টুৱে । মেধাবী ছাত্ৰজনে দক্ষতাৰ ভিত্তিত অসম আৰক্ষীৰ কামাণ্ডোত নিযুক্তি লাভ কৰাত কেৱল ঘৰখনতেই নহয় সমগ্ৰ গাঁওখনত আনন্দৰ লহৰ বৈ গৈছিল । অমায়িক আৰু মেধাবী ছাত্ৰজন গাঁওখনৰ অতি মৰমৰ আছিল ।

কিন্তু মিণ্টুৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসীও । পিতৃ-মাতৃৰ লগতে একমাত্ৰ ভগ্নী শোকত সকলো ভাগি পৰিছে । ঘৰখনত জ্বলি উঠা আশাৰ অকালতে নুমাই গ’ল । বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও সোমবাৰে প্ৰয়াত মিন্টক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । চৰকাৰ তথা বিভাগলৈ ৰাইজৰ এটাই অনুৰোধ, একমাত্ৰ পুত্ৰক হেৰুৱাই দিক বিদিক শূন্য হোৱা উক্ত পৰিয়ালটোক যিকোনো প্ৰকাৰে সহায় কৰক ।

লগতে পঢ়ক : Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.