ETV Bharat / state

Broken culvert : ভগ্ন কালভাৰ্টৰ বাবে আমগুৰিত ব্যাহত যাতায়াত ব্যৱস্থা

author img

By

Published : Jul 29, 2022, 10:43 AM IST

এটা ভগ্ন কালভাৰ্টক লৈ শংকিত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কেইবাখনো গাঁৱৰ ৰাইজ (Broken culvert scares Amguri people)। বিগত প্ৰায় ৫ বছৰ ভগ্ন কালভাৰ্টটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ । অতি শীঘ্ৰে কালভাৰ্টটো মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক তথা চৰকাৰক আহ্বান ৰাইজ তথা দল-সংগঠনৰ ।

Broken culvert
ভগ্ন কালভাৰ্টৰ বাবে আমগুৰিত ব্যাহত যাতায়াত ব্যৱস্থা

আমগুৰি,২৯ জুলাই : শিৱসাগৰ জিলাৰ আমগুৰিত যাতায়ত ব্যৱস্থা এতিয়াও উন্নত হোৱা নাই । বাট-পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি ৰাইজক হাৰাশাস্তি কৰি আহিছে । এইবাৰ মৰণ ফান্দৰ ৰূপ লৈছে এটা কালভাৰ্টে (Broken culvert in Amguri)। ভগ্ন কালভাৰ্টটোৰে অতি বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ দেওৰজা গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজে ।

বৃহত্তৰ ৰ'দঘাইটিং অঞ্চলৰ যাতায়াতৰ একমাত্ৰ পথত আছে এই ভগ্ন কালভাৰ্টটো । শিঙিজান নদীৰ এই ভগ্ন কালভাৰ্টোক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । যিকোনো মুহূৰ্তত তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও কৰিছে ৰাইজে । দেওৰজা, হাফলুটিং, মানটনীয়া, পুলিবৰ আদি বহুকেইখন গাঁৱক সংযোগ কৰা পথটোত থকা এই কালভাৰ্টটো যোৱা ৫ বছৰে মেৰামতি নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

Broken culvert : ভগ্ন কালভাৰ্টৰ বাবে আমগুৰিত ব্যাহত যাতায়াত ব্যৱস্থা

স্কুলীয় কণ কণ ছাত্ৰ-ছাত্ৰীসকলো নিতৌ সেই মৰণ ফান্দৰূপী ভগ্ন কালভাৰ্টটোৰে অহা যোৱা কৰিবলগীয়া হয় । যাৰ বাবে অভিভাৱকসকলো শংকিত হৈ থাকে । সেয়ে ভগ্ন কালভাৰ্টটো অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে (Amguri people demand broken culvert repairs)। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাকো এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ স্থানীয় দল-সংগঠনসমূহে আহ্বান জনাইছে ।

লগতে পঢ়ক :Youth fell down from train: হোজাইত চলন্ত ৰেলৰ পৰা পৰি আহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.