ETV Bharat / state

বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযান - student

বুধবাৰে শিৱসাগৰ জিলা পুথিভঁৰালৰ প্ৰাংগনত একাংশ সচেতন যুৱক-যুৱতীৰ প্ৰচেষ্টাত আৰম্ভ হয় বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিবৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযান ৷

বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযান
author img

By

Published : Jul 17, 2019, 6:27 PM IST

শিৱসাগৰ, 17 জুলাইঃ বিধ্বংসী বানৰ তাণ্ডৱে ৰাজ্যজুৰি প্ৰলয় সৃষ্টি কৰাৰ সময়ত বিভিন্ন জনে বানাক্ৰান্তক সহায়ৰ বাবে আগবঢ়াইছে সহায়ৰ হাত । বুধবাৰে শিৱসাগৰ জিলা পুথিভঁৰালৰ প্ৰাংগনত একাংশ সচেতন যুৱক-যুৱতীৰ প্ৰচেষ্টাত আৰম্ভ হয় বানাক্ৰান্ত শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিবৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযান ।

বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযান

প্ৰীত নামৰ হোৱাটচএপ গোটৰ জৰিয়তে আৰম্ভ হোৱা এই অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে । ইয়ৰোপৰি গোটটোৱে সকলোৰে সুবিধা হোৱাকৈ এটা পুথিভঁৰাল স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ কথাও জানিবলৈ দিয়ে ।

Intro:*শিৱসাগৰত প্ৰীত গ্ৰুপৰ উদ্যোগত গ্ৰন্থ সংগ্ৰহ অভিযান--বান বিধ্বস্ত শিক্ষাৰ্থীক গ্ৰন্থ প্ৰদানৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি যোগানৰ পৰিকল্পনা--পুঁথিভৰাল স্থাপনৰ লক্ষ্য*

Story-BOOK_COLLECTION
Ananta Smith
Sivasagar
17th July

A_SVR_17TH_JULY_804-805_BOOK_COLLECTION_7203499

হোৱাটচএপ গ্ৰুপ,বিভিন্ন কথাৰ মহলা মৰাৰ এক মজিয়া।কিন্তু হোৱাটচএপ গ্ৰুপক কেন্দ্ৰ কৰি হব পাৰে বহু ভাল কামৰ চিন্তা।হব পাৰে সমাজৰ মং‌গলৰ কাৰণে কেতবোৰ পদক্ষেপ।'প্ৰীত' নামৰ এটা হোৱাটচএপ গ্ৰুপে হাতত লৈছে এনে কিছুমান পদক্ষেপ।

Body:যৌৱনৰ দুৰন্ত গতিৰে সমৃদ্ধ একাংশ যুৱক-যুৱতী।4G স্পিড ইণ্টাৰনেট হাতত লৈ তেওঁলোকে সময়ৰ শৰাধ পতা নাই।বৰঞ্চ গ্ৰুপৰ সকলো সদস্য মিলিত হৈ হাতত লৈছে কেতবোৰ সমাজ কল্যাণৰ কাম।

আজি এই গ্ৰুপৰ সদস্য সকলে শিৱসাগৰ জিলা পুঁথিভৰাল প্ৰাঙ্গণত দিনটোৰ বাবে গ্ৰন্থ সংগ্ৰহ অভিযানত নামিল।ৰাজহুৱা আৱেদন দি সকলো লোককে অনুৰোধ কৰিলে পুৰণি গ্ৰন্থ, পাঠ্যপুথি আদি দান কৰিবলৈ।ইয়াৰ দ্বাৰা দিনটোৰ ভিতৰত সংগ্ৰহ কৰিলে কেইবা শ গ্ৰন্থ আৰু পাঠ্যপুথি।

এই সমূহ পাঠ্যপুথি বানক্ৰান্ত শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হব,যি সকলে বানৰ কৱলত পৰি নিজ শিক্ষাৰ সম্বল হেৰুৱাইছে।লগতে আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক এনে সংগৃহীত কিতাপ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে 'প্ৰীতে'।বাকী গ্ৰন্থ সমূহৰ দ্বাৰা এক পুঁথিভৰাল স্থাপন কৰিব এই হোৱাটছএপ গ্ৰুপটোৱে।

Bite-উদ্যোক্তা

Conclusion:আজিৰ যুগত 4G ইণ্টাৰনেটৰ সময়ত প্ৰীত গ্ৰুপৰ এনে সৃষ্টিশীল কৰ্ম নিশ্চয় আদৰণীয়।আৰ্তজনক সহায় কৰি যুৱ প্ৰজন্মক উৎসাহিত কৰা প্ৰীতৰ সমূহ সদস্য আনৰ বাবে প্ৰেৰণাৰ উৎস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.