ETV Bharat / state

শিৱসাগৰৰ হালোৱাটিঙত 'ৰুদ্ৰাক্ষী'ৰ উদ্যোগত ৰক্তাদান শিবিৰ আয়োজন - অসম দিৱসৰ

অসম দিৱসৰ উপলক্ষে শিৱসাগৰৰ হালোৱাটিঙত ৰক্তাদান কাৰ্যসূচীৰ আয়োজন । 'ৰুদ্ৰাক্ষী-এটি নাম সহায়ৰ' নামৰ এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত ৰক্তাদান শিবিৰ আয়োজন কৰা হয় ।

শিৱসাগৰৰ হালোৱাটিঙত 'ৰুদ্ৰাক্ষী'ৰ উদ্যোগত ৰক্তাদান শিবিৰ আয়োজন

author img

By

Published : Dec 2, 2020, 10:56 PM IST

আমগুৰি, ২ ডিচেম্বৰ: আজি অসম দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে । 'ৰুদ্ৰাক্ষী-এটি নাম সহায়ৰ' নামৰ এটি বেচৰকাৰী সংস্থাই অসম দিৱস উপলক্ষে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । শিৱসাগৰৰ হালোৱাটিঙৰ দৈনিক বজাৰত ৰক্তাদান শিবিৰ আয়োজন কৰে সংস্থাটোৱে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ জ্যোতিমালা গগৈসহ এটি দলে ৰক্তদান শিবৰত অংশগ্ৰহণ কৰি ৰক্ত সংগ্ৰহ কৰে । বহুকেইগৰাকী ব্যক্তিয়ে স্বেচ্ছাই ৰক্ত দান কৰে ।

শিৱসাগৰৰ হালোৱাটিঙত 'ৰুদ্ৰাক্ষী'ৰ উদ্যোগত ৰক্তাদান শিবিৰ আয়োজন

উল্লেখ্য যে, ২০১৭ চনত ৰুদ্ৰাক্ষী নামৰ এটি কণমানি ব্লাড কেন্সাৰত আক্ৰান্ত হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । তেতিয়াৰে পৰা কণমাণিজনীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ পিতৃ-মাতৃয়ে 'ৰুদ্ৰাক্ষী-এটি নাম সহায়ৰ' নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে বিভিন্ন সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । বুধবাৰে ৰুদ্ৰাক্ষীৰ পৰিয়ালবৰ্গৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১৯ চনত মৃত্যুক সাৱটি লোৱা কণমানি গুণগুণৰ পৰিয়ালবৰ্গৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । এই মহান কামৰ প্ৰতি বহু লোকে সঁহাৰি জনায় আৰু ৰক্ত দান কৰে ।

লগতে পঢ়ক:পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.