ETV Bharat / state

লক ডাউনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত তেজৰ অভাৱ - Blood donation camp

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেছকিউ নামৰ এক স্বেচ্ছাসেৱী সংগঠন আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু বিভিন্ন যুৱক-যুৱতীৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সম্পন্ন হয় এক ৰক্তদান শিবিৰ ৷

Blood donation camp at Sivsagar civil hospital
লক ডাইনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত তেজৰ ব্যাপক অভাৱ
author img

By

Published : Apr 19, 2020, 6:12 PM IST

শিৱসাগৰ,19 এপ্ৰিল: বৰ্তমান সময়ত দেশজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক আৰু প্ৰতিৰোধৰ মাজত সৰ্বত্ৰ হাহাকাৰ ৷ এনে সময়তে ৰাজ্যৰ বহু চিকিৎসালয়ত জীৱনদায়িনী তেজৰ বাবে সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ সাধাৰণ অৱস্থাত বিভিন্ন ৰক্তদান শিবিৰ সমূহৰ বাবে ৰক্তৰ চাহিদাৰ বিপৰীতে যোগান স্বাভাৱিক হৈ থাকে যদিও লক ডাউন আৰু সামাজিক ব্যৱধান মানি চলিব লগা হোৱাত বৰ্তমান বন্ধ হৈ পৰিছে ৰক্তদান শিবিৰ সমূহ ৷ এনে পৰিস্থিতিৰ মাজতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰিলক্ষিত হৈছে তেজৰ ব্যাপক অভাৱ ৷ উল্লেখনীয় যে এই সময়ছোৱাত 500 বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত থকা তেজৰ পৰিমাণ মাত্ৰ 12 ইউনিটলৈ হ্ৰাস পাইছিল ৷

Blood donation camp at Sivsagar civil hospital
লক ডাইনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত তেজৰ ব্যাপক অভাৱ

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেছকিউ নামৰ এক স্বেচ্ছাসেৱী সংগঠন আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু বিভিন্ন জাতীয় সংগঠন ও যুৱক-যুৱতীৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সম্পন্ন হয় এক ৰক্তদান শিবিৰ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীয়ে ৰক্তদান কৰে এই শিবিৰত ৷

প্ৰায় 30 ইউনিট ৰক্ত সংগ্ৰহ কৰা এই শিবিৰৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ তেজৰ অভাৱ কিছু পৰিমাণে লাঘৱ হ'ব যদিও এনে যোগান অব্যাহত নাথাকিলে পুনৰ তেজৰ অভাৱে দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে ৰেছকিউ স্বেচ্ছাসেৱী সংগঠনে ৷ সেয়েহে ৰেছকিউ স্বেচ্ছাসেৱী সংগঠনে ইচ্ছুক লোকক ৰক্তদানৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ গোলাঘাটত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব সতী সাধনী দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.