ETV Bharat / state

জীৱন সংগ্ৰামৰ সহযোদ্ধা এহাল দম্পতী - সুনীল গগৈ আৰু তেওঁৰ পৰিবাৰ দীপামণি গগৈৰ

জীৱনৰ কষ্টকৰ সংগ্ৰামো এক সাৰ্থক আনন্দ হ'ব পাৰে যদিহে আপোনাৰ লগত মনে বিচৰা সহযোদ্ধা থাকে । এনে সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজতো আনন্দ আছে । দিনটোৰ কষ্টৰ অন্তত পত্নীয়ে সিজোৱা চাউল কেইটাই সুনীলক তৃপ্তি দিয়ে । মানসিক তৃপ্তিৰ বাবে সুনীল গগৈৰ পেঁপাৰ মাতে নিজান ৰাতি কঁপাই তোলে । যেন এজন আনজনৰ পৰিপূৰক।

Blind husband supported by wife in Sivsagar
জীৱন সংগ্ৰামৰ সহযোদ্ধা এহাল দম্পতী
author img

By

Published : Jun 2, 2020, 2:05 PM IST

শিৱসাগৰ, 2 জুনঃ দৃষ্টিশক্তি হেৰুওৱা সুনীলৰ সংগী দীপামণি ৷ জীৱন স‌ংগ্ৰামৰ সহযোদ্ধা এখন ঠেলা ৷ ঠেলাত পোহাৰ মেলি পদুলিয়ে পদুলিয়ে পাচলি বিলায় দম্পতিটোৱে ৷ শিৱসাগৰৰ বানমুখ পাত্ৰ চেতিয়া গাঁৱৰ সুনীল গগৈ আৰু তেওঁৰ পৰিবাৰ দীপামণি গগৈৰ বাবে অদেখা বিলাসী চৰকাৰী আঁচনি ৷ সেয়ে পুৱাই ঠেলাত শাক-পাচলিৰ পোহাৰ মেলি জীৱন সংগ্ৰামৰ যাত্ৰা কৰে সুনীল-দীপামণিয়ে। মানুহৰ ঘৰৰ পদূলিয়ে-পদূলিয়ে পাচলিৰ যোগান ধৰে স্বামী-স্ত্ৰীয়ে । এইদৰে নিজৰ লগতে সংসাৰো পোহপাল দি আছে গগৈ দম্পতীয়ে ।

লগত পঢ়কঃশ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপন

জীৱনৰ কষ্টকৰ সংগ্ৰামো এক সাৰ্থক আনন্দ হ'ব পাৰে যদিহে আপোনাৰ লগত মনে বিচৰা সহযোদ্ধা থাকে । এনে সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজতো আনন্দ আছে । দিনটোৰ কষ্টৰ অন্তত পত্নীয়ে সিজোৱা চাউল কেইটাই সুনীলক তৃপ্তি দিয়ে । মানসিক তৃপ্তিৰ বাবে সুনীল গগৈৰ পেঁপাৰ মাতে নিজান ৰাতি কঁপাই তোলে । যেন এজন আনজনৰ পৰিপূৰক।

সন্মান আৰু সাৰ্থকতাৰ জীৱন
অৱশ্যে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ এতিয়াও সুনীল গগৈৰ বাবে এক ফটাঢোল । দৰিদ্ৰতাৰ শীৰ্ষত থকা সুনীল গগৈ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰিছে মাত্ৰ এটা ঘৰ । চৰকাৰে প্ৰদান কৰা শৌচালয়টো গগৈ পৰিয়ালতকৈয়ো দৰিদ্ৰ । ব্যৱহাৰৰ অযোগ্য । তথাপিও কিন্তু তেওঁলোকে জীৱন থমকিবলৈ দিয়া নাই । পাচলিৰ ঠেলাগাড়ীৰ লগত জীৱনৰ চকা ঘূৰাইছে শিৱসাগৰৰ এই দম্পতিয়ে । সন্মান আৰু সাৰ্থকতাৰ জীৱন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.