শিৱসাগৰ, 30 ছেপ্টেম্বৰঃ সোণাৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে সোমবাৰে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেইবাগৰাকীও শীৰ্ষ বিজেপি নেতাৰ সহিতে প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন দাখিল কৰি নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ।
আনফালে বিৰোধী দলপতি দেৱব্ৰত গগৈ, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আদিৰ সহিতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত পিয়াজৰ মালা পিন্ধি ব্যতিক্ৰমী ৰূপত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী সুশীল চুৰীয়ে ।