ETV Bharat / state

ডিমৌত বিজেপি যুৱ মৰ্চা আৰু বীৰ লাচিত সেনাৰ মাজত হতাহতি - BJP yuva morcha

দেওবাৰে ডিমৌত উত্তপ্ত পৰিস্থিতি ৷ বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীক অপদস্থ কৰাৰ অভিযোগ বিজেপিৰ যুৱ মৰ্চা একাংশ কৰ্মীৰ বিৰুদ্ধে ৷ 14 মাৰ্চত শিল্পী মানস ৰবীনক বিজেপি কৰ্মীয়ে অপদস্থ কৰাৰ পিছত দেওবাৰে ডিমৌত বীৰ লাচিত সেনাই উলিওৱা প্ৰতিবাদী সমদল বাহিৰ কৰা পাচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ডিমৌ
ডিমৌত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Mar 15, 2020, 5:28 PM IST

Updated : Mar 15, 2020, 6:07 PM IST

শিৱসাগৰ, 15 মাৰ্চঃ বিজেপিয়ে বিহু পতাক কেন্দ্ৰ কৰি শনিবাৰ অৰ্থাৎ 14 মাৰ্চত শিল্পী মানস ৰবীনক বিজেপি কৰ্মীয়ে অপদস্থ কৰাৰ পিছত দেওবাৰে পুনৰ উত্তপ্ত হৈ পৰে ডিমৌ । মানস ৰবীনৰ দৰে সংগীত শিল্পীক বিজেপিৰ যুৱ মৰ্চাৰ একাংশ কৰ্মীয়ে অপদস্থ কৰাৰ বিৰুদ্ধে দেওবাৰে বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত ডিমৌত বাহিৰ হৈছিল এক প্ৰতিবাদী সমদল । ডিমৌ কেন্দ্ৰীয় বজাৰৰ পৰা বীৰ লাচিত সেনাৰ প্ৰতিবাদী সমদল আগভেটি ধৰিছিল একাংশ বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীয়ে ।

লগে লগে দুই পক্ষৰ মাজত পৰস্পৰ বিৰোধী শ্ল'গান আৰু তীব্ৰ বাক-বিতন্দাই মুহূৰ্ত্বৰ ভিতৰতে ৰণক্ষেত্ৰলৈ পৰিণত হয় । বিজেপি কৰ্মীয়ে প্ৰথমে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ওপৰত জঁপিয়াই পৰে । বিজেপি কৰ্মীৰ বাধাৰ মাজেদি বীৰ লাচিত সেনাৰ প্ৰতিবাদী সমদল ডিমৌ আৰক্ষী থানাৰ দিশলৈ অহাৰ পথত দুগৰাকী মহিলা সদস্যাৰ লগতে আন কেইবাজনো বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী হতাহতিত আহত হয় । ডিমৌ আৰক্ষীৰ তৎপৰতাত শৃংখল চলিহা সহ প্ৰতিবাদকাৰীসকলক থানাৰ চৌহদলৈ আনি সুৰক্ষিত স্থানত ৰখাৰ সময়তো বিজেপিৰ কৰ্মীসকলে লাচিত সেনাক উদ্দেশ্যি বিভিন্ন কটু মন্তব্য কৰি পৰিৱেশ উত্তাল কৰি তোলাৰ অভিযোগ উত্থাপন কৰে বীৰ লাচিত সেনাৰ কৰ্মী সকলে ।

ডিমৌত বিজেপি যুৱ মৰ্চা আৰু বীৰ লাচিত সেনাৰ মাজত হতাহতি

আনহাতে, ঘটনাৰ প্ৰায় ১ ঘণ্টাৰ পিছত শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ডিমৌ থানাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দুইপক্ষৰ মাজত আলোচনাত মিলিত হয় । কিন্তু বহুঘণ্টা জুৰি ডিমৌ থানাৰ বাহিৰত বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে অৱস্থান কৰি থকাত আৰক্ষীয়ে নিৰাপত্তাৰ স্বাৰ্থত শৃংখল চলিহাসহ প্ৰতিবাদকাৰী সকলক থানাতে ৰাখিবলগীয়া হয় । অতি দৃষ্টিকটুভাৱে থানাৰ ভিতৰতো বিজেপি কৰ্মীসকলে বীৰ লাচিত সেনাৰ কৰ্মীসকলক অপদস্থ কৰাৰ চেষ্টা কৰে । জানিব পৰা অনুসৰি ঘটনা সন্দৰ্ভত বিজেপি আৰু লাচিত সেনাই উভয় পক্ষই ডিমৌ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে ।

আৰু পঢ়কঃ চৰকাৰী চিকিৎসালয়ৰ ঘোচখোৰ ডাক্তৰঃ গোপন কেমেৰৰ EXCLUSIVE দৃশ্য

Last Updated : Mar 15, 2020, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.