ETV Bharat / state

ASP Subhalakshmi Dutta case: অনিল পাটৰৰ বাসগৃহত বীৰ লাচিত সেনাৰ দল, তেওঁক পুনৰ চাকৰিত মকৰলৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:33 PM IST

"বিজেপি নেতাৰ ঘৰত অপৰাধী থাকিব পাৰে, সাধাৰণ মানুহৰ ঘৰত তেওঁ লুকাই থকা হ’লে তেওঁ আজি জেললৈ গ’ল হয় ৷ এইক্ষেত্ৰত চৰকাৰৰ স্থিতি নৰম ৷ আমি দাবী কৰিছো যে অনিল পাটৰ ডাঙৰীয়াক দুদিনৰ ভিতৰত চাকৰিত পুনৰ যোগদান কৰাব লাগে " - বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা

Beer Lachit sena team at Anil Patar house
অনিল পাটৰৰ বাসগৃহত বীৰ লাচিত সেনাৰ দল

অনিল পাটৰৰ বাসগৃহত বীৰ লাচিত সেনাৰ দল

শিৱসাগৰ, 8 ছেপ্টেম্বৰ :"প্ৰহাৰ কৰিছিল শুভলক্ষ্মী দত্তই, কিন্তু বৰ্খাস্ত কৰা হ’ল অনিল পাটৰক ৷ এইখন কেনেকুৱা আইন ? বীৰ লাচিত সেনা অসমে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ আমি আমি জিলা আয়ুক্তকে ধৰি আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি তেওঁক পুনৰ চাকৰিত মকৰল কৰিবলৈ দাবী জনাম ৷ যদি তেওঁলোকে আমাৰ দাবী মানি নলয় তেন্তে গণতান্ত্ৰিক উপায়েৰে শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব ৷ " বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে চলিহাই কয়, "বিজেপি নেতাৰ ঘৰত অপৰাধী থাকিব পাৰে, সাধাৰণ মানুহৰ ঘৰত তেওঁ লুকাই থকা হ’লে তেওঁ আজি জেললৈ গ’ল হয় ৷ এইক্ষেত্ৰত চৰকাৰৰ স্থিতি নৰম ৷ আমি দাবী কৰিছো যে পাটৰ ডাঙৰীয়াক দুদিনৰ ভিতৰত চাকৰিত পুনৰ যোগদান কৰাব লাগে ৷ "

উল্লেখ্য যে, শুকুৰবাৰে কলংকিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই 2019 চনত মাৰপিট কৰি হ'ম গাৰ্ডৰ চাকৰিৰ পৰা খেদি দিয়া অনিল পাটৰৰ (45) বাসগৃহত উপস্থিত হয় বীৰ লাচিত সেনাৰ এটা দল। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, অনুপম সন্দিকৈকে ধৰি কেইগৰাকী বিষয়ববীয়াই অনিল পাটৰক সাক্ষাৎ কৰি অনাগত দিনত সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বিনা দোষত চাকৰি হেৰুৱা অনিল পাটৰক যাতে পুনৰ হ'ম গাৰ্ডৰ পদত মকৰল কৰে তাৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

ইপিনে শুভলক্ষ্মী দত্তক অসম আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ আঁৰত ৰাজনৈতিক নেতাৰ আশীৰ্বাদ থকা বুলি ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে । লগতে অচিৰেই যদি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ নকৰে তেন্তে বীৰ লাচিত সেনাও প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে ৷

ইপিনে বীৰ লাচিত সেনাই পৰিয়ালটোৰ কাষত থিয় হোৱাত সন্তোষ প্ৰকাশ কৰিছে অনিল পাটৰে। পুনৰ যাতে তেওঁৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰে তাৰ বাবেও অনিল পাটৰে চৰকাৰ তথা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। পানবেছা অঞ্চলত বসবাস কৰা অনিল পাটৰে সম্প্ৰতি অতি আৰ্থিক অনাটনৰ মাজত এটা বিধ্বস্ত বাসগৃহত জীৱন নিৰ্বাহ কৰি আছে। দিন হাজিৰা কৰি দুবেলা দুমুঠি খাইছে পাটৰৰ পৰিয়ালে ৷ অনাগত দিনত অনিল পাটৰৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কিবা পদক্ষেপ ল'ব নে নলয় সেয়া লক্ষ্যণীয় হ'ব।

লগতে পঢ়ক: Jatiya Yuva Shakti protest: নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে জাতীয় যুৱ শক্তিৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.