আমগুৰি,25 এপ্ৰিল : হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ চেষ্টাৰে শিৱসাগৰৰ দিখৌমুখৰ এদল যুৱকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ব্ৰহ্মপুত্ৰৰ ধনেখোৱা চাপৰিত কলপুলি ৰোপণ কৰি হাতীক খাদ্য যোগানৰ বাবে দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাৱৰ যুৱকসকলে দাঙি ধৰিলে অনন্য নিদৰ্শন ৷
120 হেক্টৰ বালি চাপৰিত 1000 টা কলপুলি ৰোপণৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত 300 টা কলপুলি ৰোপণ কৰে যুৱকসকলে ৷ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱৰ সহায়ত কলপুলি আনি চাপৰিত ৰোপণ কৰে ক্লাবৰ সদস্যসকলে ৷
উল্লেখ্য যে, প্ৰতিবছৰে দিখৌমুখৰ এক বৃহত্তৰ অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ ঘৰ ভঙাৰ লগতে হাৰাশাস্তি কৰি আহিছিল অঞ্চলবাসীক ৷ সেয়েহে দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাবৰ যুৱকসকলে ব্ৰহ্মপুত্ৰৰ ধনেখোৱা চাপৰিত কলপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰি বনৰীয়া হাতীক খাদ্য যোগানৰ ব্যৱস্থা কৰে । এনে প্ৰচেষ্টাই হাতী-মানুহৰ সংঘাত বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যমী যুৱকসকলে ৷
লগতে পঢ়ক : খোৱাঙত ঘৰে-ঘৰে হাইদাং হুঁচৰি সোণোৱাল কছাৰী সকলৰ