শিৱসাগৰ, 4 জুলাই: শিৱসাগৰ জিলাৰ এটা ব্যস্ততাপূৰ্ণ পথ । এই ব্যস্ততাপূৰ্ণ পথছোৱা চেপন-চূণপোৰা সংযোগী পথ । এই পথেৰে দৈনিক অহা যোৱা কৰে হাজাৰ হাজাৰ যান-বাহন। এই চেপন চূণপোৰা সংযোগী ব্যস্ততাপূৰ্ণ পথছোৱাত থকা ধিতাইপুখুৰী দৰিকা দলঙৰ এতিয়া বিধ্বস্ত ৰূপ (Bad condition of bridge at Sivasagar) ।
ধিতাইপুখুৰীৰ দৰিকা দলঙৰ ওপৰে দৈনিক অ'এনজিচিৰ বিভিন্ন তৈলক্ষেত্ৰলৈ অত্যাধিক বোজা কঢ়িওয়া যান-বাহন অহৰহ অহা-যোৱা কৰে । ইয়াৰ উপৰিও জিলাখনৰ অধিকাংশ ৰাইজ উন্নত চিকিৎসাৰ বাবে সেইপথেৰে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ অহা-যোৱা কৰাৰ লগতে এটা বৃহৎ অঞ্চলৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে ।
চেপন চূণপোৰা সংযোগী পথৰ ওপৰত থকা বিধ্বস্ত দৰিকা দলঙৰ অৱস্থাই এতিয়া সকলোকে শংকিত কৰি তুলিছে, কিয়নো যিকোনো মুহূৰ্ততে ভয়ংকৰ পথ দূৰ্ঘটনা হোৱাৰ আশংকাই এতিয়া বিৰাজমান কৰিছে সমগ্ৰ অঞ্চলজুৰি ।
ইয়াৰ উপৰিও এই দৰিকা দলঙৰ ওপৰেৰে যিকোনো বাহন পাৰ হৈ যোৱা অৱস্থাত বিধ্বস্ত হৈ থকাৰ বাবেই শব্দ প্ৰদূষণৰো সৃষ্টি হৈছে অঞ্চলটোত । অ'এনজিচিৰ অধীনত থকা ধিতাইপুখুৰীৰ দৰিকা দলং পুনৰ নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি দিয়াৰ ক্ষেত্ৰত অ'এজিচিয়ে এতিয়া নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে ।
অতিশীঘ্ৰেই বিধ্বস্ত দৰিকা দলং পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইজে অ'এনজিচিৰ কৰ্তৃপক্ষক । যদি নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অ'এনজিচিৰ বিৰুদ্ধে পথ অৱৰোধ কৰিবলৈও সাজু হব স্থানীয় লোক তথা দল-সংগঠন।
লগতে পঢ়ক: পথ নিৰ্মাণৰ বাবে নিজে ওলাই আহিল স্থানীয় ৰাইজ