ETV Bharat / state

সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই - গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা

বেংগালুৰুত অনুষ্ঠিত 47 সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(47th Glenmark Junior National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ ৷ প্ৰতিযোগিতাখনিত 100 মিটাৰ বাটাৰ ফ্লাই শিতানত 1.02.71 সময় সাঁতুৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আস্থাই ৷

astha-choudhury-from-sivasagar-has-made-a-national-record-in-swimming
সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই
author img

By

Published : Oct 21, 2021, 12:59 PM IST

শিৱসাগৰ, 21 অক্টোবৰ : শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ বিশেষ সফলতা ৷ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ কৰিলে আস্থাই ৷ বেংগালুৰুত অনুষ্ঠিত হোৱা 47 সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(47th Glenmark Junior National Swimming Competition)ত 100 মিটাৰ বাটাৰ ফ্লাই শিতানত 1.02.71 সময় সাঁতুৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম সন্তানগৰাকীয়ে ৷

astha-choudhury-from-sivasagar-has-made-a-national-record-in-swimming
সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

আস্থাই জুনিয়ৰ শাখাত অভিলেখৰ লগতে ভাৰতৰ ছিনিয়ৰ শাখাতো থকা অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় । 12 বছৰৰ পূৰ্বে উক্ত শিতানত 1.03.24 ছেকেণ্ড সময় লৈ গঢ়া ছিনিয়ৰ শাখাৰ অভিলেখৰ সুদীৰ্ঘ এটা যুগৰ পাচত এই নতুন অভিলেখ গঢ়ি তোলে খেলুৱৈগৰাকীয়ে ৷ সেইদৰে একেই শিতানত জুনিয়ৰ ৰেকৰ্ডৰ সময় আছিল 1.04.66 ছেকেণ্ড । ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা শাখাৰ অভিলেখ মাত্ৰ 17 বছৰ বয়সতেই ভংগ কৰি ভাৰতৰ সাঁতোৰ মহলত এক জোকাৰণিৰ সৃষ্টি কৰিছে আস্থা চৌধুৰীয়ে ।

সাঁতোৰত লাভ কৰা এনে সফলতাৰ বাবে আস্থাই তেওঁৰ প্ৰশিক্ষক পাৰ্থপ্ৰতীম মজুমদাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰে । সংবাদ মাধ্যমৰ আগত আস্থাই কয়, ‘‘বিগত দুবছৰৰ পৰা জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ লৈ আহিছো । এইক্ষেত্ৰত মোৰ প্ৰশিক্ষক পাৰ্থপ্ৰতীম মজুমদাৰক ধন্যবাদ জ্ঞাপন কৰিছো । তেওঁৰ অবিহনে মই এই সফলতা লাভ কৰিব নোৱাৰিলোহেতেন । তেওঁ মোৰ আটাইতকৈ ডাঙৰ সমৰ্থক’’ ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে বিগত তিনিমাহৰ পৰা প্ৰস্তুতি চলাই অহা আস্থাই ক’ভিড(Covid) পৰিস্থিতিয়ে খেলত পেলোৱা প্ৰভাৱৰ কথা উল্লেখ কৰে । সাঁতোৰ প্ৰশিক্ষণৰ কেন্দ্ৰসমূহ বন্ধ হৈ পৰাৰ ফলত তেওঁলোকে ঘৰলৈ গুচি যাবলগীয়া হয় । এই পৰিস্থিতি সকলো সাঁতোৰবিদে দেখিব লগা হৈছিল বুলি তেওঁ উল্লেখ কৰে ৷

খেলুৱৈগৰাকীয়ে কয়, ‘‘আমাৰ প্ৰশিক্ষণ আৰু দৈনিক অভ্যাস ৰৈ গৈছিল । কিন্তু তেনে সময়তে মোৰ পিতৃ-মাতৃয়ে কাষত থিয় হৈ মোক সাহস দিছিল । এতিয়া পৰিস্থিতি কিছু সামান্য হোৱাৰ পাচত তিনিমাহৰ পৰাহে পুনৰ পুলত প্ৰশিক্ষণ ল’ব পাৰিছো’’ ৷ আস্থাৰ এনে সফলতাই সততে ভাৰতৰ ক্ৰীড়া মহলত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

অসমৰ ক্ৰীড়া অনুৰাগীয়ে আস্থাৰ এনে সফলতাত সন্তোষ প্ৰকাশ কৰিছে । শিৱসাগৰ ক্ৰীড়া সন্থাই আস্থাৰ সফলতাত আনন্দ প্ৰকাশ কৰি খেলুৱৈগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হোৱাৰ কামনা কৰিছে । লগতে আস্থাৰ অভিভাৱকৰ প্ৰচেষ্টাকো শলাগিছে শিৱসাগৰ ক্ৰীড়া মহলে ৷

লগতে পঢ়ক : মহানগৰীৰ নুনমাটিত আৰক্ষীৰ জালত দুই বেটাৰী চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.