শিৱসাগৰ, 25 এপ্ৰিল: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি অংকিতা দত্তই নতুন দিল্লীস্থিত যুৱ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে হাজাৰ হাজাৰ লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰে ৷ লগতে তেওঁ মাস্ক বিতৰণ কাৰ্যসূচীতো আগভাগ লয় ৷
যুৱ কংগ্ৰেছৰ উপ-সভাপতি অংকিতা দত্তৰ বিনামূলীয়া খাদ্য বিতৰণ উল্লেখ্য যে, কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশতে চলি থকা লক ডাউনৰ আৰম্ভণিৰে পৰা নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিয়ে যুৱ কংগ্ৰেছৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়টো ৰান্ধনীশাল আৰু মাস্ক প্ৰস্তুত কৰা কাৰাখানালৈ ৰূপান্তৰিত কৰে । যুৱ কংগ্ৰেছৰ ৰাজ্যিক কমিটীসমূহেও নিজ নিজ ৰাজ্যত মাস্ক প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছে আৰু 1কোটিকৈ মাস্ক সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি জানিব পৰা গৈছে ৷ চিকিৎসা বিজ্ঞানে অনুমোদন জনোৱা সামগ্ৰীৰে তিনিটা স্তৰ থকাকৈ প্ৰস্তুত কৰা মাস্কসমূহ চিকিৎসা সেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোসকলৰ মাজত বিতৰণ কৰা হ'ব। সেইবাবে প্ৰতিদিনে যুৱ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত হাজাৰ হাজাৰ লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰা হৈছে । বিশেষকৈ সমাজৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ কথা চিন্তা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত নিখিল ভাৰত যুৱ কংগ্ৰেছে হাতত লোৱা এই সময়োপযোগী কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে যুৱ কংগ্ৰেছৰ উপ-সভাপতি অংকিতা দত্তই ।সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিৰ সৈতে অংকিতা দত্ত, NSUIৰ ৰাষ্ট্ৰীয় সম্পাদিকা দেৱশ্ৰী বৰা যুৱ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকে আৰু লোকসকলৰ মাজত খাদ্য বিতৰণ কৰে। নিখিল ভাৰত যুৱ কংগ্ৰেছে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ যুৱক-যুৱতীসকলকো খাদ্য সামগ্ৰী যোগান ধৰাকে ধৰি পাৰ্যমানে সহায় কৰি আছে বুলি উপ-সভাপতি অংকিতা দত্তই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে এই কথা ৷
লগতে পঢ়ক : 9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত