শিৱসাগৰ, 23 নৱেম্বৰ : অসম-মেঘালয়ৰ সীমান্তৰ উত্তেজনা অব্যাহত থকাৰ সময়তে অসমৰ মাটিত নগাৰ আগ্ৰাসন (Naga encroachment in Assam) । বুধবাৰে পুৱাই নাজিৰাস্থিত অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰৰ ঔগুৰিজানত নগা প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ ভাঙিলে অসমৰ ১২ খন দোকান ৷
অসম-মেঘালয়ৰ সীমা বিবাদক লৈ উত্তেজনা চলি থকাৰ মাজতেই এইবাৰ অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন । মেঘালয়ৰ পাছত নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তত বুধবাৰে পুৱাই সৃষ্টি হয় উত্তেজনা । নাজিৰাৰ বিহুবৰত নগা প্ৰশাসনে ভাঙিলে ১২ খনকৈ হোটেল, দোকান । ঔগুৰিজানত পুৱাই নগা আৰক্ষীয়ে এক্সকেভেটৰেৰে ভাঙিলে ১২ খনকৈ দোকান (Eviction by Nagaland Administration in Assam)। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ দ্বাৰা চলা এই অভিযানক লৈ বিহুবৰৰ ঔগুৰিজানত সৃষ্টি হয় উত্তেজনা ।
উল্লেখ্য যে, দোকান-পোহাৰসমূহত অবৈধ সুৰাৰ অবাধ প্ৰচলন চলি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে নাগালেণ্ডৰ প্ৰশাসনে । চুবুৰীয়া ৰাজ্যখনৰ সকীয়নিৰ বিপৰীতে নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছিল নাজিৰা মহকুমা প্ৰশাসন আৰু বিহুবৰ আৰক্ষী থানাই (Bihubor Police Station)।
সীমান্তত অবৈধ সুৰাৰ প্ৰচলনৰ বিৰোধিতাৰে দুদিন পূৰ্বে নাজিৰা প্ৰশাসনক নাগালেণ্ডৰ স্থানীয় নাগিনীমৰা প্ৰশাসনে দিছিল সকিয়নী । কিন্তু নাজিৰা প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ নকৰাত বুধবাৰে পুৱাই নগালেণ্ডৰ প্ৰশাসনে আৰক্ষীৰ সহযোগত অতৰ্কিতে উচ্ছেদ অভিযান চলালে বিহুবৰৰ ঔগুৰিজানত । মন কৰিবলগীয়া যে, বিহুবৰৰ ঔগুৰিজান অঞ্চলটোক নাগালেণ্ডৰ বুলি দাবী কৰি আহিছে চুবুৰীয়া ৰাজ্যখনে ।
নাগালেণ্ড প্ৰশাসনে অসমৰ ভূমিত উচ্ছেদ অভিযান চলোৱাৰ ঘটনাক লৈ নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী(Assam Nagaland border in Sivasagar) বিহুবৰত অব্যাহত আছে উত্তেজনা ৷ সম্প্ৰতি ৰাজ্য দুখনৰ মাজত যাতায়ত বন্ধ কৰিছে স্থানীয় ব্যৱসায়ীসকলে ৷ বিহুবৰ ঔগুৰিজানত অসমীয়া লোকৰ কেইবাখনো দোকান ভঙাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷
লগতে পঢ়ক : Assam car burnt: মেঘালয়ত উত্তেজিত যুৱকৰ দলে জ্বলালে অসমৰ বাহন