শিৱসাগৰ, 25 জুলাইঃ শিৱসাগৰ ৰূপহীমুখৰ বান বিধ্বস্ত লোকক আমগুৰি যুৱ সমাজৰ সাহায্য বিতৰণ ৷ প্ৰায় তিনিশটা পৰিয়ালৰ মাজত বিতৰণ কৰিলে সাহায্য ৷
ৰাজ্যজুৰি বানৰ বিভীষিকাৰ পাছত বহু বান বিধ্বস্ত এলেকা এতিয়াও গণ বিচ্ছিন্ন । শিৱসাগৰৰ তেনে এক পৰিস্থিতি ৰূপহীমুখৰ বানপীড়িতৰ বুজ লোৱাৰ লগতে সাহাৰ্য সামগ্ৰী প্ৰদান কৰে আমগুৰি যুৱ সমাজৰ এটা দলে । আমগুৰিৰ বিভিন্ন দল-সংগঠনৰ উমৈহতীয়া মঞ্চ “আমগুৰি যুৱ সমাজ”ৰ দলটোৱে দিখৌমুখ এলেকাৰ ৰূপহীমুখৰ তিনিখনকৈ গাঁৱৰ ৰাইজৰ মাজত চাউল, দাইল, আলু, পিঁয়াজ আদি বিভিন্ন খাদ্য সামগ্ৰী,কাপোৰ,আঠুৱা, চাবোন-মম আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে ।
লগতে আন এটা বাতৰি - বঙাইগাঁওত আই নদীৰ তাণ্ডৱ