ETV Bharat / state

শিৱসাগৰত অসম ঐতিহ্য দিৱসৰ সামৰণি

শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা ঐতিহ্য অসম উৎসৱৰ বৃহস্পতিবাৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে অন্ত ৷

author img

By

Published : Dec 31, 2020, 5:05 PM IST

শিৱসাগৰত অসম ঐতিহ্য দিৱসৰ সামৰণি
শিৱসাগৰত অসম ঐতিহ্য দিৱসৰ সামৰণি

শিৱসাগৰ,31 ডিচেম্বৰ : যোৱা ২৯ ডিছেম্বৰৰ পৰা শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা হৈছে ঐতিহ্য অসম উৎসৱৰ। ঐতিহাসিক শিৱসাগৰত জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰেৰে থলুৱা খাদ্যৰ উপস্থাপন কৰি আয়োজন কৰা এই উৎসৱত গুৰুত্ব প্ৰদান কৰা হৈছিল নতুন প্ৰজন্মক । যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ সমাজ-সংস্কৃতি-ৰাজনীতিৰ লগত জড়িত যুৱ প্ৰজন্মক নিমন্ত্ৰণ কৰি এক উন্নয়নশীল বিকশিত অসম বিষয়ক এক মত বিনিময়ৰ আয়োজন কৰা হৈছিল ।

শিৱসাগৰত অসম ঐতিহ্য দিৱসৰ সামৰণি

অসমৰ সাংস্কৃতিক, আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক উন্নয়নক গুৰুত্ব প্ৰদান কৰি আয়োজন কৰা এই উৎসৱত বহু গুণী পৰিচিতি ব্যক্তিয়ে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে । শাৰীৰিক সক্ষমতাৰে নতুন প্ৰজন্মৰ মাজত নতুন চিন্তাৰ উদ্ৰেক কৰাবলৈ কচৰৎ আৰু যোগাসনো এই উৎসৱৰ এক অন্য মাত্ৰা আছিল । বৃহস্পতিবাৰে সামৰণি পৰা কাৰ্যসূচীত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় গীত-নৃত্যৰে চলিত বছৰটোক বিদায় দিব এক আনন্দমুখৰ পৰিৱেশৰ মাজত।

লগতে পঢ়কঃ 2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.