ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Jan 9, 2021, 4:38 PM IST

ন্যায্য প্ৰাপ্তিৰ দাবীত শনিবাৰে শিৱসাগৰ জিলাৰ আমগুৰি কালুগাঁৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৰ্ধ শতাধিক আশা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আশা কৰ্মীসকলে অভিযোগ কৰা অনুসৰি ক'ৰণা ভয়াৱহতাৰ ফলস্বৰূপে ঘোষণা কৰা ল'ক ডাউনৰ সময়ৰ পৰাই চৰকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে আশা কৰ্মীসকল ৷

Asha workers protest at primary health centre in kalugaon
ন্যায্য প্ৰাপ্তিৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

আমগুৰি, ৯ জানুৱাৰী : শিৱসাগৰ জিলাৰ আমগুৰি কালুগাঁৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৰ্ধ শতাধিক আশা কৰ্মীয়ে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ আশা কৰ্মীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আশা কৰ্মী সকলে ৷

আশা কৰ্মী সকলে অভিযোগ কৰা অনুসৰি ক'ৰণা ভয়াৱহতাৰ ফলস্বৰূপে ঘোষণা কৰা ল'ক ডাউনৰ সময়ৰ পৰাই চৰকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে আশা কৰ্মীসকল ৷ বিগত সময়ত ন্যায্য প্ৰাপ্তিৰ দাবীত অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ স্মাৰক প্ৰদাণ কৰিছিল যদিও আজিকোপতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আশা কৰ্মীসকলে ৷ যাৰ ফলস্বৰূপে অসম চৰকাৰ হায় হায়,স্বাস্থ্য মন্ত্ৰী হায় হায়, আশা কৰ্মী ওপৰত নিৰ্যাতন নচলিব,আমাৰ দাবী লাগিবই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আশা কৰ্মীসকলে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.