ETV Bharat / state

তলাতল ঘৰত তলা ওলোমাই আটাছুৰ প্ৰতিবাদ - শিৱসাগৰত

শিৱসাগৰত তলাতল ঘৰৰ সন্মুখত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ তলাতল ঘৰৰ গে'টত তলা ওলোমাই বেদখলকাৰীক উচ্ছেদৰ দাবী জনালে ছাত্ৰ সংগঠনটোৱে।

তলাতল ঘৰত তলা ওলোমাই আটাছুৰ প্ৰতিবাদ
তলাতল ঘৰত তলা ওলোমাই আটাছুৰ প্ৰতিবাদ
author img

By

Published : Nov 11, 2020, 1:55 PM IST

শিৱসাগৰ, ১১ নৱেম্বৰ: সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল শিৱসাগৰৰ তলাতল ঘৰ চৌহদ। আহোমৰ ৰাজত্ব কালৰ স্মৃতি বহন কৰি থকা প্ৰাচীন সম্পদসমূহৰ চৌহদত ব্যাপক হাৰত বেদখলকাৰীৰ দপদপনি আৰম্ভ হোৱাৰ অভিযোগ তুলিছে সংগঠনটোৱে। ঐতিহাসিক তলাতল ঘৰৰ চাৰিসীমাৰ ভিতৰৰ লগতে বাহিৰৰ সংৰক্ষিত আঞ্চলত ইটোৰ পিছত সিটো গৃহ নিৰ্মাণ কৰাক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে তলাতল ঘৰ চৌহদ।

পুৰাতত্ব বিভাগ, চৰকাৰ, প্ৰশাসনৰ হেমাহিৰ সুযোগতে বেদখল অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰে। সকলো দেখিও চকু মুদা কুলিৰ ভাও লোৱা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। তলাতল ঘৰৰ গে'টত তলা লগাই দি ক্ষোভ উজাৰে। অসম চৰকাৰ হায় হায়, পুৰাতত্ব বিভাগ মুৰ্দাবাদ, বেদখলকাৰী চক্ৰ নিপাত যাওক শ্ল'গানেৰে উত্তাল কৰি তোলে তলাতল ঘৰ চৌহদ।

উল্লেখ্য যে, অকমৰ্ণ্য পুৰাতত্ব বিভাগৰ চকুৰ সন্মুখতে তলাতল ঘৰৰ সংৰক্ষিত ভূমিত নিৰ্বিবাৰ্দে গঢ়ি উঠা বাসগৃহসমূহে তলাতল ঘৰৰ সৌন্দৰ্যত প্ৰভাৱ পেলাইছে। এই কাৰ্যৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে বিৰোধিতা কৰি চৰকাৰ-প্ৰশাসনক অভিযোগ দাখিল কৰি আহিছিল। কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা আজিকোপতি লোৱা নাই প্ৰশাসন অথবা চৰকাৰে। সেয়ে, বুধবাৰে তলাতল ঘৰৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ তাই আহোম ছাত্ৰ সন্থাই।

লগতে পঢ়ক:গোলাঘাটৰ লহেৰে চাপৰিত গ্ৰেপ্তাৰ দুধৰ্ষ চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.