ETV Bharat / state

আমগুৰিত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

author img

By

Published : Sep 7, 2021, 10:40 PM IST

আমগুৰি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এখন মালবাহী ট্ৰাক আৰু এটা গুডামৰ পৰা উদ্ধাৰ ২৪ টাকৈ অৰুণাচলী সুৰাৰ কাৰ্টন জব্দ কৰিছে আৰক্ষীয়ে ।

আমগুৰিত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
আমগুৰিত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

আমগুৰি, ৭ ছেপ্তেম্বৰ: ৰাজ্যজুৰি অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে আমগুৰিত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাৰ কাৰ্টন ।

ঘটনা অনুসৰি আমগুৰি নগৰস্থিত ‘ৰাথী ষ্টোৰ’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ AS-03-AC-2041 পঞ্জীয়ণ নম্বৰৰ এখন মালবাহী বাহনত গেলা মালৰ দোকানৰ সামগ্ৰীৰ মাজত নাগালেণ্ডৰ মোককচাং জিলাৰ 'তুলি' লৈ নিব বিচাৰিছিল বিলাতী ব্ৰেণ্ডৰ পাঁচ কাৰ্টনকৈ অৰুণাচলী সুৰা ।

ইপিনে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰি সুৰা সহ বাহনখন জব্দ কৰাৰ লগতে আটক কৰিছে বাহনখনৰ চালকক । আনহাতে চালকৰ ভাষ্য অনুসৰি আমগুৰিৰ জনৈক ব্যৱসায়ী সাগৰ দাসৰ পৰা চালকে সংগ্ৰহ কৰিছিল অবৈধ সুৰাৰ কাৰ্টন সমূহ ।

লগতে পঢ়কঃ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পুনৰ যাত্ৰীবাহী বিশেষ ৰেল সেৱা আৰম্ভ

একেদৰে পৰৱৰ্তী সময়ত আমগুৰি আৰক্ষীয়ে চালকৰ ভাষ্য অনুসৰি অভিযান চলাই আমগুৰি নগৰৰ N.S.T. স্থিত এটা গুডামৰ পৰা আন ১৯ কাৰ্টন বিলাতী সুৰাৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে, আমগুৰিৰ মাজেৰে পাৰ হৈ যোৱা ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথটো ইতিমধ্যে অবৈধ নিচাযুক্ত সামগ্ৰী পৰিবহণৰ কৰিড’ৰত পৰিণত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জাতীয় দল সংগঠনে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰি অসম আৰক্ষীয়েও এই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই বিগত কিছু দিনত কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ সম্প্ৰতিও অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়কঃ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ কৰিবলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.